Breaking

ৰাতুল শৰ্মাক সভাপতি, গৌৰাঙ্গ ৰয়ক সম্পাদক হিচাপে লৈ অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন…

0 74

অসম মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন কমিটি গঠন আজি গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত হোটেল Gateway Grandeurত অনুষ্ঠিত হয়। আজিৰ সভাত অসমৰ ২৫খন জিলাৰ পৰা অহা দুগৰাকীকৈ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰিৰ্টানিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াই নৱ নিৰ্বাচিত সমিতিখন সকলোৰে উপস্থিতিত ঘোষণা কৰে। অসম মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক মুখ্য পৃষ্ঠপোষক আৰু উজ্জ্বল বৰুৱাক উপদেষ্টা, ৰাতুল শৰ্মাক সভাপতি, গৌৰাংগ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন কমিটি গঠন কৰা হয়। আনহাতে কোষাধ্যক্ষ পদত অবিনাশ দাস, উপ-সভাপতি – অভিজিত কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন, বিনোদ কুম্বাং, যুটীয়া সম্পাদক- সিধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী, কংকণ দত্ত, কাৰ্যবাহী সদস্য ক্ৰমে জনপ্ৰতিম বৰা, প্ৰিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগ্নিক গুপ্তা, আৰু দিপাংকৰ মজুমদাৰ।

আজিৰ সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষক ধ্ৰুৱজ্যোতি কলিতা, ক্ৰীড়া সহকাৰী সঞ্চালক বিধান দাস, ৰিটাৰ্নিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়া আদি উপস্থিত থাকে। আজি ঘোষণা হোৱা অসম মল্লযুঁজ সন্থাৰ নতুন কমিটীখনক অসম অলিম্পিক সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জনায়। নৱ নিযুক্ত সভাপতি ৰাতুল শৰ্মাই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কয় আগন্তুক সময়ত অসমৰ পৰাও অলিম্পিকৰ বাবে মল্লযুঁজৰ খেলুৱৈ সৃষ্টি কৰিবই লাগিব। এই ক্ষেত্ৰত সকলোৰে সহযোগত ক্ৰীড়া প্ৰতিভা বিচাৰি আগুৱাই নিবই লাগিব বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত সভাপতি ৰাতুল শৰ্মাই।

Leave A Reply