Breaking

নতুন দিল্লীত সৰ্বদলীয় বৈঠক, ৰহস্যজনক ভাবে অনুপস্থিত প্ৰধানমন্ত্ৰী মোদী

0 23

২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন।শীতকালীন অধিৱেশনৰ আগে আগে নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি ৩১ টা ৰাজনৈতিক দলৰ মুঠ ৪২ গৰাকী নেতা উপস্থিত থাকে। বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰী মন্ত্ৰী পিযুষ গোৱেল উপস্থিত থাকে যদিও ৰহস্যজনক কাৰণত বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


বৈঠকত মোদীৰ অনুপস্থিতিতিৰ বিষয়টোকলৈ বিভিন্ন দলৰ নেতাসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মোদীয়ে দেশৰ কেইবাটাও জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱাৰ ভয়তে সৰ্বদলীয় বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে বুলি বহুতে চৰ্চা কৰিছে। ইপিনে মোদীৰ অনুপস্থিতিৰ প্ৰসংগত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় ‘সৰ্বদলীয় বৈঠকত ইমানদিনে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়েই যোগদান কৰি অহাৰ নিয়ম আছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ নিয়মৰ বিপৰীতে গৈ নিজেই সৰ্বদলীয় সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল।আজিৰ বৈঠকত বিশেষ অসুবিধাৰ বাবেহে মোদীয়ে উপস্থিত থাকিব নোৱাৰিলে ‘। অৱশ্যে মন্ত্ৰীগৰাকীয়ে কি কাৰণত মোদী বৈঠকত উপস্থিত নাথাকিল সেয়া সদৰী কৰাৰ পৰা বিৰত থাকে।

সৰ্বদলীয় বৈঠকত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই কয় যে মোদীয়ে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব লাগিছিল। কাৰণ সকলো দলৰে নেতাসকলে মোদীক ক’বলগীয়া বহু কথাই আছিল।মোদীৰ অনুপস্থিতে বৈঠকত বিভিন্ন দলৰ নেতাসকলে মূল্যবৃদ্ধি, পেগাছাচ ফোন টেপিং,নিৱনুৱা সমস্যা, কৃষকৰ সমস্যা আদিৰ বিষয়ত আলোচনা কৰে।বৈঠকত তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ ব্ৰিয়েন আৰু সুদীপ বন্দোপাধ্যায়ে পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত বিএছএফৰ ক্ষমতা বৃদ্ধিৰ বিষয়টোকলৈ চৰকাৰক সমালোচনা কৰে। কৃষকৰ বাবে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণকে ধৰি তিনিখনকৈ কৃষি আইন বাতিল কৰিবলৈও বিভিন্ন দলৰ নেতাসকলে দাবী জনায়।

আজিৰ সৰ্বদলীয় বৈঠকত উপস্থিত থকা নেতাসকল হ’ল—কংগ্ৰেছৰ মল্লিকাৰ্জুন খৰ্গে,অধিৰ ৰঞ্জন চৌধুৰী,আনন্দ শৰ্মা,ডিএমকেৰ টি আৰ বালু,তিৰুছি ছিবা, এনচিপিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ বিনায়ক ৰাউত,সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ,বিএছপিৰ সতীশ মিশ্ৰ,বিজেডিৰ প্ৰসন্ন আচাৰ্য,নেছনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা আদি।

এইবাৰ সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰ পৰ্যন্ত চলাৰ সম্ভাৱনা আছে। এই অধিৱেশনতে তিনিও খন কৃষি আইন বাতিলৰ আনুষ্ঠানিক প্ৰক্ৰিয়াও সম্পন্ন কৰা হ’ব বুলি আশা কৰা হৈছে। ইতিমধ্যে কেবিনেটে কৃষি আইন কেইখন বাতিলত অনুমোদনো জনাইছে। এইবাৰ সংসদৰ শীতকালীন অধিৱেশনত ২৬ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

Leave A Reply