Breaking

নলবাৰীৰ নতুন উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ মুকালমুৱা পৰিদৰ্শন :ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হব আৰক্ষী:-ডিএচপি জিকিৰাণী মহন্ত

0 1,076

নলবাৰী জিলাৰ নতুন উপ আৰক্ষী অধীক্ষক (সদৰ) জিকিৰাণী মহন্তই কালি নলবাৰীত যোগদান কৰিয়েই আজি মুকালমুৱা অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নতুন উপ আৰক্ষী অধীক্ষক (ডিএছপি) গৰাকীয়ে আজি জিলাখনৰ দক্ষিণ প্ৰান্তৰ মুকালমুৱাত উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ৷ বিশেষকৈ মুকালমুৱাত প্ৰায়ে ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ হোৱা প্ৰসংগত ডিএছপি গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও সাংবাদিক জানিবলৈ দিয়ে ৷ তদুপৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সমাজৰ সৰ্বস্তৰৰ লোককে মাৰবান্ধি থিয় হৈ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায় ডিএছপি গৰাকীয়ে ৷ অন্যহাতে অঞ্চলটোত চুৰি-ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা সংক্ৰান্তত  তৎপৰতাৰে কাম কৰি জিলাখনত অপৰাধ প্ৰৱনতা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত ল’ব বুলিও সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰি কৰে ৷ প্ৰতিটো দিশতে সংবাদ কৰ্মীসকলৰো সহযোগিতা বিচাৰিছে নৱনিযুক্ত উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

Leave A Reply