Breaking

ভাৰতীয় ক্ৰিকেটত নতুন ইতিহাস, ৪৬ বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট জয় মহিলা ক্ৰিকেট দলৰ…

0 43

মহিলাৰ টেষ্ট ইতিহাসত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতে। ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত জয়লাভ কৰে।

ভাৰতৰ মহিলা দলটোৱে ১৯৭৭ চনৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলি আহিছে। এই পৰ্যন্ত দুয়োটা দলৰ মাজত পাঁচখন ছিৰিজ হৈছে। তিনিবাৰকৈ অষ্ট্ৰেলিয়াই জয়লাভ কৰে। ধাৰাবাহিক দুবাৰকৈ ড্ৰ’ কৰা হৈছিল। ষষ্ঠবাৰত জয়ৰ মুখ দেখিলে ভাৰতে। ৪৬ বছৰৰ পাছত টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে।

দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা একক টেষ্ট মেচৰ চতুৰ্থ দিনত ইণ্ডিয়া মহিলাই অষ্ট্ৰেলিয়া মহিলাক ৮ উইকেটত পৰাস্ত কৰে। ৭৫ ৰানৰ লক্ষৰে আয়োজক দলটোৱে ১৮.৪ অভাৰত ৭৫/২ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধনাই ৬১ বলত ৩৮ ৰান অপৰাজিত ন’ক কৰে।

ভাৰতৰ প্ৰথম ইনিংছত ৪০৬ ৰান সংগ্ৰহৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰিছিল মুঠ ২৬১ ৰান ৰানাৰ ৪/৬৩। ইফালে ভাৰতৰ হৈ হৰমনপ্ৰীত কৌৰ আৰু ৰাজেশ্বৰী গায়কৱাদে দুটাকৈ আউট স্কেলপ কৰে। হৰমনপ্ৰীত এণ্ড কোম্পানীয়ে ১ম ইনিংছত ৪০৬ ৰান সংগ্ৰহ কৰে।

Leave A Reply