Breaking

মহাৰাষ্ট্ৰত নতুন ৰাজনৈতিক সমীকৰণ! মুম্বাইত বৈঠকত মিলিত হ’ল অৰবিন্দ কেজৰিৱাল, উদ্ধৱ থাকৰে

0 68

মহাৰাষ্ট্ৰত নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দি মুম্বাইত অৰবিন্দ কেদৰিৱাল আৰু উদ্ধৱ থাকৰেই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্য খনত বিৰোধী ঐক্যক শক্তিশালী কৰাৰ লক্ষ্যৰেই আজিৰ এই বৈঠক অনুষ্ঠিত হোৱা বুলি বহুতে মন্তব্য কৰিছে। অৰবিন্দ কেজৰিৱালে মুম্বাইৰ বান্দ্ৰাত থকা মাতোশ্ৰীত শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে। নিৰ্বাচন আয়োগে একনাথ চিন্দেৰ গোটটোক ‘প্ৰকৃত’ শিৱসেনা হিচাপে ঘোষণা কৰাৰ পিছত আৰু তেওঁলোকক ‘ধনু আৰু কাঁড়’ৰ নিৰ্বাচনৰ প্ৰতীক প্ৰদান কৰাৰ কেইদিনমান পিছতে থাকৰে গোটটো বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ কেইদিনমান পিছত এই বৈঠকখন অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু সাংসদ ৰাঘৱ চাধা আৰু সঞ্জয় সিঙো এই বৈঠকত উপস্থিত আছিল।উদ্ধৱ থাকৰেই সংবাদ মাধ্যমক কয় যে নেতাসকলে দেশক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত কৰিছে।আপ আৰু শিৱসেনা (ইউবিটি) দুয়োটা দলেই শাসকীয় বিজেপিৰ সৈতে নিৰন্তৰ প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। একনাথ চিন্দেৰ বিদ্ৰোহ আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ পিছত উদ্ধৱ থাকৰে এতিয়া মহাৰাষ্ট্ৰত একপ্ৰকাৰ অকলশৰীয়া হৈ পৰিছে। যোৱা বছৰ, শিৱসেনাৰ সাংসদসকলে বিদ্ৰোহ কৰি বিজেপিৰ পক্ষ লোৱাৰ বাবে মহা বিকাশ আগাদি চৰকাৰৰ পতন হৈছিল।


বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) নিৰ্বাচন এই বছৰ অনুষ্ঠিত । এই নিৰ্বাচনত শিৱসেনাই (ইউবিটি) বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। গেৰুৱা দলৰ বিৰুদ্ধে দিল্লীৰ পৌৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আম আদমী পাৰ্টিৰ গুৰুত্ব বহু খিনি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বৃহন্মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত থাকৰে শিবিৰে আপৰ লগ হৈ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave A Reply