Breaking

মাদ্ৰাছাৰ ক্ষেত্ৰত জাৰি কৰা হ’ল নতুন SOP…

0 55

অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মাদ্ৰাছাৰ পঞ্জীয়ন সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে। ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক বুলি উল্লেখ কৰে ডিজিপি গৰাকীয়ে।

মাদ্ৰাছা পঞ্জীয়নৰ বাবে কমেও ১০০ জন ছাত্ৰ-ছাত্ৰী থাকিব লাগিব আৰু ৩ কিলোমিটাৰৰ ভিতৰত এখন মাদ্ৰাছাহে থাকিব পাৰিব বুলিও জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

মাদ্ৰাছাৰ ক্ষেত্ৰত জাৰি কৰা এই নতুন SOP অনুসৰি, মাদ্ৰাছাৰ ছাত্ৰী নিবাসৰ থাকিব সুকীয়া নিৰ্দেশনা। মাদ্ৰাছাত পাঠদান কৰা প্ৰতিগৰাকী শিক্ষকৰ কৰা হ’ব পুলিচ ভেৰিফিকেচন। 

ইতিমধ্যে মাদ্ৰাছাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হৈছে ৪খন ব’ৰ্ড। এই ব’ৰ্ডসমূহে মাদ্ৰাছাৰ সকলো কাম-কাজৰ দায়িত্ব গ্ৰহণ কৰিব।

সাংবাদিকসকলৰ আগত ডিজিপি ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে- শিশু সুৰক্ষা নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। শিশু মিত্ৰ বঁটাও শিশু সুৰক্ষাৰ ক্ষেত্ৰত শীঘ্ৰেই প্ৰৱৰ্তন কৰা হ’ব। 

লগতে আৰক্ষী থানাসমূহত সক্রিয় কৰা হ’ব ‘চাইল্ড কৰ্ণাৰ’। মানৱ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব পদক্ষেপ। লগতে সুদৃঢ় কৰা হ’ব আৰক্ষী আৰু জনতাৰ সম্পৰ্ক।

Leave A Reply