Breaking

সুখবৰ! গুৱাহাটীলৈ দৈনিক বিশেষ যাত্ৰীবাহী ৰে’লত

0 68

সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ  বন্ধ হৈ আছিল, কিন্ত  ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব।

ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷

Leave A Reply