Breaking

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ গোচৰৰ নতুন মূৰ: ভুক্তভোগী বনকৰা মহিলাগৰাকীক গোচৰ উঠাই ল’বলৈ ব্লেকমেইলিং

0 162

নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া তথা চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুভলক্ষ্মী দত্তক সুৰক্ষা দিয়াৰ নামত ব্লেকমেইলিঙত নামিল ৩ আটছা নেতা।

যিকোনো মূল্যৰ বিনিময়ত গোচৰ উঠাই লোৱাৰ প্ৰস্তাৱ। অপকৰ্মত লিপ্ত হোৱা ৩ আটছা নেতাক সংগঠনৰ পৰা বহিষ্কাৰ।

আটছাৰ শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক মুন ৰাজোৱাৰক বহিষ্কাৰ। বহিষ্কাৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ কৰ্মকাৰক।

নাজিৰা শাখা সমিতিৰ উপ-সভাপতি দিগন্ত কুৰ্মীকো বহিষ্কাৰ।

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ পৰা ধন লৈ গোচৰ প্ৰত্যাহাৰৰ চলাইছিল চেষ্টা।

ইতিমধ্যে বনকৰা মহিলাক কৰা নিৰ্যাতনৰ সন্দৰ্ভত আটছাৰ বৃহৎ প্ৰতিবাদৰ পাছতে বিষয়া গৰাকীক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে গৃহ বিভাগে নিলম্বিত কৰাৰ পাছতেই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰি আছে আৰক্ষী বিষয়াগৰাকী ৷

Leave A Reply