মুকালমুৱাস্থিত আনন্দৰাম বৰুৱা জুনিয় কলেজৰ নৱাগত আদৰণি সভা।মুকালমুৱাৰ আনন্দৰাম বৰুৱা জুনিয়ৰ কলেজৰ প্ৰাঙ্গণত উলহ মালহেৰে আয়োজন কৰে নৱাগত আদৰণি সভা। নৱাগত আদৰণি সভাত বিদ্যালয় খনৰ এই বৰ্ষৰ নতুন শিক্ষাৰ্থী সকলক আদৰ্শৰ জনোৱাৰ উদ্দেশ্য আয়োজন কৰে নৱাগত আদৰণি সভা।
নৱাগত আদৰণি সভাত গীত পৰিবেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী বৰষা কাশ্যপে। বৰষা কাশ্যপৰ সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয় খনৰ ছাত্র ছাত্ৰী সকলৰ মাজত দেখা গল উখল মাখল পৰিবেশ। নৱাগত আদৰণি সভাত উপস্থিত থাকে মহাবিদ্যালয় খনৰ ন-পুৰনি ছাত্র ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল।

