Breaking

ধেমাজিত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত নৱনিযুক্ত জিলা উপায়ুক্ত ড° জীৱন বিৰ সংবাদমেল

0 37

আগন্তুক বিধানসভা নিৰ্বাচনত ধেমাজি জিলা প্ৰশাসনৰ প্ৰস্তুতি আৰু নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত উপায়ুক্ত ড° জীৱন বি য়ে আজি ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত জিলা উপায়ুক্তগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুস্থিত কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পৰ্কত সংবাদমাধ্যমক অৱগত কৰে ৷

উল্লেখযোগ্য যে ১১৩ নং ধেমাজি (অনুসূচিত জনজাতি) সমষ্টিত এইবাৰ শেহতীয়া তথ্য অনুসৰি মুঠ ২৪৭২০৭ ভোটাৰৰ ১২৪৬৬৪ জন পুৰুষ আৰু ১২২৫৪৩ জন মহিলা ভোটাৰ । সমষ্টিটোত এইবাৰ ৫ টা জ’ন আৰু ৩০ টা চেক্টৰত মুঠ ৩৫৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । কভিদ প্ৰট’কল আনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১০০০ জন ভোটাৰহে ৰখা হৈছে ।

আনহাতে ভোটগ্ৰহণ কেন্দ্ৰত সকলোধৰণৰ কভিদ প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলা হ’ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ ইপিনে তেওঁ সাধাৰণ ভোটাৰক নিচিন্ত মনেৰে ভোটদান কৰিবলৈ আহিবলৈ আহ্বান জনায় । তদুপৰি এইবাৰ ৮০ উৰ্দ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকে আগতীয়াকৈ পোষ্টেল বেলটৰ জড়িয়তে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব বুলিও উপায়ুক্তই উল্লেখ কৰে । 

সংবাদমেলতে উপায়ুক্তই নিৰ্বাচনৰ আচৰণ বিধি উলংঘা সম্পৰ্কে অভিযোগৰ বাবে স্থাপন কৰা অভিযোগ কক্ষত ০৩৭৫৩-২২৪০১৪ অথবা ৭৫৭৭০৩৫৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে । আনহাতে সংবাদ মেলখনতে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডা° ধনঞ্জয় ঘনৱাটে সংবাদ কৰ্মীসকলক আৰক্ষী বিভাগৰ নিৰ্বাচন সংক্ৰান্তীয় প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । তেওঁ ধেমাজি আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগৰ বাবে ৬০২৬৯০০৩৫৬ নম্বৰ উপলব্ধ থাকিব বুলি জানিব দিয়ে । জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শান্তিপূৰ্ণ নিৰ্বাচন অনুস্থিত কৰাৰ ক্ষেত্ৰত সকলো সংবাদকৰ্মীৰে সহযোগিতা বিচাৰে ।

আনহাতে আজি পুৱা ১১ বজাত জিলা উপায়ুক্ত, ড° জীৱন বি ৰ অধ্যক্ষতাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আৰক্ষী অধীক্ষক আৰু সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত নিৰ্বাচনী আচৰণবিধি সম্পৰ্কত এখনি জৰুৰী সভা অনুস্থিত হয় । সভাখনত উপায়ুুক্তগৰাকীয়ে নিৰ্বাচন সংক্ৰান্তীয় নীতি নিৰ্দেশনাসমূহ, পোষ্টেল বেলট প্ৰক্ৰিয়া তথা ভোটদানৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰা ক’ভিদ ১৯ ৰ নিৰ্দেশাৱলীসমূহ বিশদভাৱে ব্যাখ্যা কৰে ।

আনহাতে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰটো ৰাজনৈতিক দলবোৰক ক’ভিদ প্ৰ’টকল মানি চলিবলৈ তেওঁ আহ্বান জনায় । সভাখনত জিলা নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাছুয়ে নিৰ্বাচন সংক্ৰান্তীয় কিছু ব্যাখ্যা আগবঢ়ায় ।

আনহাতে নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ লগে লগে জিলা আৰক্ষী প্ৰশাসনৰ লগতে নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষ আৰু ফ্লাইং স্কোৱাদসমূহ সষ্টম হৈ পৰা বুলি উপায়ুক্তই ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰে ৷ সভাখনত উপায়ুক্ত ড° জীৱন বি, আৰক্ষী অধীক্ষক ডা° ধনঞ্জয় ঘনাৱটৰ লগতে জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাস, জিলা নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাছু, অতিৰিক্ত আৰক্ষী অধীক্ষক এম.এন. দেউৰী আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ৷ 

Leave A Reply