Breaking

নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ মহানুভৱতা :নগাঁৱত আবদ্ধ হৈ থকা কেৰেলাৰ বাছ চালকৰ দুৰ্দশাৰ বুজ ল’লে নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

0 2,103

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেৰেলাৰ পৰা অসমলৈ শ্ৰমিক কঢ়িয়াই অনা শতাধিক বাছ চালক বৰ্তমান ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিবপৰা মতে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে বহু সহস্ৰাধিক সংখ্যালঘূ শ্ৰমিক কেৰেলাৰ পৰা অসমৰ বটদ্ৰৱা সমষ্টি, চামগুৰি সমষ্টি, ৰূপহীহাট সমষ্টি আৰু ধিং সমষ্টিলৈ শতাধিক বাছৰে আহিছিল। কিন্তু নিৰ্বাচনৰ পিচতেই কেৰেলাত ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত ইয়াৰে অধিকাংশ চালক বাছসহ নগাঁৱতে আৱদ্ধ হৈ পৰে। অৱশ্যে বহু চালক বাহন সহ কেৰেলালৈ ঘূৰি যাবলৈ সক্ষম হয়। কিন্তু একাংশ শ্ৰমিকে ভোটদান কৰি পুনৰ কেৰেলালৈ ঘূৰি যোৱাৰ বাবে বাছসমূহ আৱদ্ধ কৰি ৰাখে। পিছলৈ অসমতো ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত তেঁওলোক যথেষ্ট অসুবিধাত পৰে। নগাঁও চহৰৰ লক্ষীনগৰৰ এটা পাৰ্কিঙত থকা শ্ৰমিক সকলক লক্ষীনগৰৰ সাগৰ বৰা, ৰঞ্জিত কুমাৰ কলিতা আৰু আখতাৰ আহমেদ নামৰ কেইগৰাকীমান যুৱকে খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে যদিও তেঁওলোকে নিজ ঘৰলৈ ঘূৰি যোৱাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰে। আজি নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সেই স্থানত উপস্থিত হৈ স্থানীয় যুৱক সকলক ধন্যবাদ জনোৱাৰ লগতে আজিৰে পৰা বাছ চালক সকলৰ খাদ্যৰ লগতে সকলো সুবিধা জিলা প্ৰশাসনৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে বাছ চালক সকলক নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, নগাঁৱত আৱদ্ধ হৈ থকা কেৰালাৰ বাছ চালক সকলেও নগাঁও চহৰৰ কেইবাটাও অসমীয়া পৰিয়ালে তেঁওলোকক আগবঢ়োৱা সহায়ৰ কথা কৈ আৱেগিক হৈ পৰে।

Leave A Reply