Breaking

টীয়কত পানীৰ তলত নবনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ,বাৰিষাৰ আৰম্ভণিতে চপৰা চপৰে এৰাইছে ব্লেকটপিং

0 2,042

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনতে আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।বিগত সময়ত বিভিন্ন বহুজাতিক প্ৰতিস্থানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে কামৰ দ্বায়িত্ব লৈছিল।কিন্তু লিংকনৰ কামত যথেষ্ট আসোঁৱাহ প্ৰত্যক্ষ কৰি বিভিন্ন সময়ত টীয়কৰ দল সংগঠন সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপিত কৰিছিল।শেহতীয়াকৈ উৰ্ধতম কৰ্তৃপক্ষৰ লগত টীয়কৰ সচেতন সমাজ এক বৈঠকত মিলিত হৈ প্ৰতিস্থানটোৱে কৰা প্ৰতিটো কামৰ আসোঁৱাহ আঙুলিয়াই দিছিল আৰু কৰ্তৃপক্ষও পুণৰীক্ষণৰ আশ্বাস দিছিল যদিও কাৰ্যত সকলো ফোটোকাৰ ফেনত পৰিণত হৈছে।এই দৃশ্য টীয়কৰ জগদুৱাৰ তিনিআলিৰ।নৱনিৰ্মিত পথৰ ওপৰত এজাক বৰষুণতে বানপানী।ৰাইজে নিৰ্মাণৰ সময়ত বাৰম্বাৰ অভিযোগ দিছিল যে পূৰ্বৰ পথতকৈ নৱনিৰ্বাচিত পথটোৰ উচ্চতা কম হোৱাৰ বাবে বাৰিষা কৃত্ৰিম বাণপানী হোৱা আশংকা থাকিব।তৎসত্তেও প্ৰতিস্থানটোৱে ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদি কাম চলাই নিছিল।ৰাইজৰ অভিযোগ আজি আখৰে আখৰে প্ৰতিফলন ঘটিছে সমগ্ৰ টীয়ক নগৰত।সেয়ে এইবাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক উক্ত কাম-কাজত নিজে হস্তক্ষেপ কৰি চৰকাৰী ধনৰ সদব্যৱহাৰ কৰি ৰাইজক উপহাৰ দিবলৈ আহ্বান জনাইছে।

Leave A Reply