Breaking

WFIৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন…

0 32

নৱনিৰ্বাচিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন ক্ৰীড়া মন্ত্ৰালয়ৰ। WFIৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙকো নিলম্বন। স্থগিত ৰাখিছে অনুৰ্ধ্ব-১৫ আৰু অনুৰ্ধ্ব-২০ ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা। খেলুৱৈৰ প্ৰতিবাদৰ প্ৰভাৱ, ক্ৰীড়া মন্ত্ৰালয়ে নতুন মল্লযুঁজ সংস্থাৰ স্বীকৃতি বাতিল কৰিলে, ডব্লিউ এফ আইয়েও নিলম্বিত কৰিলে নৱনিযুক্ত সভাপতি সঞ্জয় সিঙক। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰাই ইয়াক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। ইফালে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ স্বীকৃতি বাতিল কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা আয়োজন কৰাৰ খৰখেদাতাৰ বাবেই মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে ডব্লিউ এফ আইৰ নৱনিযুক্ত সভাপতি সঞ্জয় সিঙকো নিলম্বন কৰিছে। সঞ্জয় সিং বিজেপিৰ সাংসদ তথা ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি বৃজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। তেওঁকো এতিয়া নিলম্বন কৰা হৈছে।

দৰাচলতে সঞ্জয় সিঙে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত জয়লাভ কৰি তাৰ সভাপতি হ’ব বুলি সিদ্ধান্ত লোৱাৰ পৰাই মল্লযুঁজাৰুসকলে ইয়াৰ ওপৰত আপত্তি উত্থাপন কৰিছিল। মল্লযুঁজাৰুসকলে কয় যে সঞ্জয় সিং বিজেপি সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ আৰু এনে পৰিস্থিতিত ডব্লিউ এফ আইৰ কোনো ধৰণৰ উন্নতিৰ আশা নাই৷

Leave A Reply