গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উদ্ভাৱন, ডিজাইন আৰু উদ্যোগীকৰণক উদগনি দিয়াৰ লক্ষ্যৰে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ আৰু শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ( AICTE- MIE)ৰ পৃষ্ঠপোষকতাত কালি আৰু আজি দুদিনীয়াকে এক বিশেষ বুট শিবিৰৰ আয়োজন কৰা হয়। l উল্লেখ্য যে শিবিৰৰ মূল লক্ষ্য হৈছে অসমৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ উদ্ভাৱন, ডিজাইন, আৰু উদ্যোগীকৰণৰ দক্ষতা বৃদ্ধি কৰা। এই বিশেষ শিবিৰটো আয়োজন কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ শিক্ষানুষ্ঠান হিচাপে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ক নিৰ্বাচিত কৰা হৈছিল । কালি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ শিবিৰটো উদ্ধোধন কৰে ৰাজ্যিক শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ( SCERT) সঞ্চালক সঞ্চালক ডঃ নিৰদা দেৱী, শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষৰ নডেল কেন্দ্ৰৰ মুৰব্বী, ডঃ হীৰক ৰঞ্জন দাস, ন’ডেল কেন্দ্ৰৰ সমন্বয়ক বিধিকাৰ বিশাল, ৱাধৱানী ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক শ্ৰীবৎসন, আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিশিষ্ট ব্যক্তি l আনহাতে শ্ৰীমন্ত শংকৰ অকাডেমি ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য অধ্যাপক জয়ন্ত ডেকাই বিশ্ববিদ্যালয়খনক বুট কেম্প আৰম্ভ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান হিচাপে নিৰ্বাচিত হোৱাত গৌৰৱ প্ৰকাশ কৰে। এছ চি ই আৰ টি অসমৰ সঞ্চালক ড০ নিৰদা দেৱীয়ে অনাগত বছৰবোৰত ভাৰতৰ ৫ ট্ৰিলিযন ডলাৰৰ অৰ্থনীতি সন্দৰ্ভত বাখ্যা দাঙি ধৰে । ড০ হীৰক ৰঞ্জন দাসে ন’ডেল চেণ্টাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে দাঙি ধৰে। ন’ডেল চেণ্টাৰৰ সমন্বয়ক বিদিকাৰ বিশালে অংশগ্ৰহণকাৰী সকলক নৱগঠিত বিদ্যালয় উদ্ভাৱন পৰিষদৰ সৈতে পৰিচয় কৰাই দিয়ে। এম আই চিৰ সহকাৰী উদ্ভাৱন সঞ্চালক ড০ এলাংগোভান কৰিয়াপ্পানে চমু ভাষণত কয় এম আই চিয়ে বৰ্তমান বিদ্যালয় পৰ্যায়ত উদ্ভাৱনপ্ৰকল্পৰ ইনকিউবেচনৰ বাবে ১.৫ লাখ টকা পৰ্যন্ত সেৱা আগবঢ়াই বিশেষ সহায় কৰিব সেয়া এক আশাব্যঞ্জক প্ৰস্তাব l প্ৰথম দিনাৰ অনুষ্ঠানত ৱাধৱানী ফাউণ্ডেশ্যনৰ শ্ৰীৱৎসনে মৌলিক ধাৰণা আৰু চিন্তাক প্ৰসাৰৰ বাবে নেটৱৰ্কিং দক্ষতা আৰু কৌশল গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আই আই এম, কলকতা ইনোভেচন পাৰ্কৰ পৰা অনুসূয়া মহন্তই বিদ্যালয় সমূহত উদ্ভাৱনমূলক কামৰ সূচনা কৰাৰ বিষয়ে ভাষণ প্ৰদান কৰে । গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এ আই চিটিই – আইডিইএ লেব, ডি এছ টি-এফ আই এছ টি লেব আৰু চেণ্ট্ৰেল ইনষ্ট্ৰুমেণ্ট লেব পৰ্যবেক্ষণ ভ্ৰমণৰ বাবেও অংশগ্ৰহণকাৰী সকলক লৈ যোৱা হয়। আজি সন্ধিয়া অনুষ্ঠিত সামৰণি অনুষ্ঠানত শ্ৰীৱৎসনে কেইবাটাও কথোপকথন অনুষ্ঠান পৰিচালনা কৰে। অসম ষ্টাৰ্ট আপৰ প্লাবন বৰাlই ছাত্ৰ ষ্টাৰ্টআপৰ বাবে অনুদান আৰু পুঁজিৰ সুযোগৰ বিষয়ে এক আভাস দিয়ে। আই আই ই , গুৱাহাটীৰ অধ্যাপক শান্তনু ডেকাই উদ্যোগীকৰণ শিক্ষাৰ উদ্ভাৱনীমূলক বেঞ্চ মাৰ্কিং পদ্ধতি বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকক প্ৰদৰ্শন কৰে। শেষত শলাগৰ শৰাই আগবঢ়া়ই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক , অধ্যাপক দীপাংকৰ সাহাই ।