Breaking

অতিমাত্ৰা গতিত মটৰ চাইকেল চলাই দুৰ্ঘটনাত পতিত হ’ল এজন প্ৰেমিক। প্ৰেমিকাৰ পৰিয়ালৰ হাতত ধৰা পৰাৰ ভয়ত কৰিছিল পলায়ন।

0 62

হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিকে; পিছে-পিছে খেদিলে প্ৰেমিকাৰ পৰিয়ালে, ধৰা পৰিব বুলি প্ৰেমিকে অতিমাত্ৰা গতিত মটৰ চাইকেল চলালে, তাৰ পিছত ভয়ংকৰ বাইক দুৰ্ঘটনা, গুৰুতৰভাবে আহত প্ৰেমিক

বঙাইগাঁৱৰ (Bongaigaon) কোকিলা আৰক্ষী (Kokila Police) নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত এক চাঞ্চল্যকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাঁৱৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱকে দেওবাৰে নিশা গোৱালপাৰাৰ হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)

গোলাপাৰাৰ পৰা প্ৰেমিকাক (Love Case) পলুৱাই নিয়াৰ সময়তে কিশোৰীগৰাকীৰ পৰিয়ালে জানিব পাৰি যুৱকজনৰ পিছে পিছে খেদি যোৱাত প্ৰেমিকে বাইকৰ স্পীড বঢ়াই দিয়াত নাম্বাৰপাৰা ২য় খণ্ডত প্ৰেমিক-প্ৰেমিকা দুয়ো দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত প্ৰেমিক শ্বহিদুল ইছলাম গুৰুতৰভাবে আহত (Critically Injured) হয়। পিছত আহত শ্বহিদুলক ততাতৈয়াকৈ এম্বুলেঞ্চৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply