Breaking

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ ৪৯ বছৰ বয়সত দেহাৱসান

0 272

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ আজি ৪৯ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহন্ত। আজি স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাত চিকিৎসালয়লৈ নি থকা অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে মহন্তই।

বোকাখাতত টিভি সাংবাদিকতাৰ বাটকটীয়া মহন্ত এন ই টিভিৰ জন্মলগ্নৰ পৰা জড়িত আছিল। পৰৱৰ্তী সময়ত NEWS18 Assam আৰু NEৰ সৈতে জড়িত হৈ তেওঁ সংবাদ সেৱা কৰি গৈছিল। ইয়াৰ লগতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, এগৰাকী আদৰ্শ কৃষক হিচাপেও জনাজাত আছিল মহন্ত।জনমভূমি গেজেট নামৰ এখন কাকতত প্ৰথম সাংবাদিকতা জীৱন আৰম্ভ কৰা প্ৰদ্যুৎ মহন্তৰ মৃত্যুৰ বাতৰিয়ে NEWS18ৰ সমূহ পৰিয়ালকে ম্ৰিয়মাণ কৰিছে।

Leave A Reply