Breaking

এনএইচএম কৰ্মচাৰী সংস্থাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 1,041

ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ সংগঠন নিয়া’ৰ আজি নৱম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ অসমতে উদযাপন কৰা হয়। তদুপলক্ষে আজি বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত বৰপেটা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই নিয়াৰ পতাকা উত্তোলন কৰি সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নিয়া’ৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰে আঁতধৰা অনুষ্ঠানত বন্তি  প্ৰজ্বলন কৰে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পৰেশ কলিতাই। উক্ত অনুষ্ঠানত বিগত সময়চোৱাত অতিমাৰী কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা স্বাস্থ্য কৰ্মী সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাাৰ্থন কৰে।

ইয়াৰ পিছত ডাঃ জাহিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত পুৰণি সমিতি ভংগ কৰি ৰূপজ্যোতি ডেকাক সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰক কাৰ্যকৰী সভাপতি আৰু চান মাহমুদক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৭ জনীয়া সদসৰে বৰপেটা জিলাৰ নতুন সমিতি গঠন কৰা হয়। ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত ৰাজ্যখনৰ স্বাস্থ্য বিভাগত কৰ্মৰত হৈ থকা প্ৰায় ২১০০০ চিকিৎসক, জিলা আৰু ব্লক পৰ্যায়ৰ আঁচনি পৰিচালক, ফাৰ্মাচিষ্ট, নাৰ্চসহ অন্যান্য কমৰ্চাৰীৰ লগত চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে সম কাম সম দৰমহা প্ৰদান কৰা আৰু অন্যান্য সমস্যা সমাধানৰ দাবী কৰিছে সংস্থায়। ক’ভিড-১৯ দুৰ্যোগৰ সময়ত NHM কৰ্মচাৰী সকলৰ অৱদানৰ প্ৰতি সুদৃষ্টি দি ইয়াৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই নতুন সমিতিয়ে প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ স্বাৰ্থত সকলোৰে সহায় সহযোগিতা কামনা কৰে সমিতিয়ে।

Leave A Reply