Breaking

এন এইচ পি চিয়ে দ্ৰুত গতিত বৃদ্ধি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাঃ ক’ভিড পৰিস্থিতি জটিল হোৱাৰ পিছতো অবিৰাম গতিত এন এইচ পি চিয়ে নিৰ্মাণ চলাই আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঃ

0 2,069

ধেমাজি জিলাৰ গোগামুখত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৷ গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনত ক’ভিড পৰীক্ষাৰ অন্তত ধৰা পৰা   ক’ভিড পজিটিভৰ সংখ্যা বৰ্তমানলৈকে ২৬৮ গৰাকী ৷ ইয়াৰে কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চি মূল কলনি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং,  পি ই এছ ইঞ্জিনীয়াৰিঙত কৰ্মৰত বিষয়া-কৰ্মচাৰী, শ্ৰমিকৰ সংখ্যাই হৈছে ১১৩ গৰাকী ৷  প্ৰায় প্ৰতিদিনেই এন এইচ পি চি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰৰ পৰা ক’ভিড-১৯ ত আক্ৰান্ত লোক ওলাই আছে যদিও এন এইচ পি চিৰ লগতে এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰা নাই ৷ বৰং দ্ৰুত তথা অবিৰাম  গতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলাই আছে ৷ জানিব পৰা মতে প্ৰকল্পটোৰ নিৰ্মাণৰত নিৰ্মাতা সংস্হা সমূহত এতিয়াও  বিভিন্ন বিষয়া-কৰ্মচাৰীৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ ৫-৬ হাজাৰ  শ্ৰমিকে কাম কৰি আছে ৷ ইয়াৰে অধিকাংশ শ্ৰমিক ধেমাজি জিলাৰ বৃহত্তৰ গোগামুখ অঞ্চলৰ ৷ এন এইচ পি চি আৰু এন এইচ পি চিৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী সকলে ক’ভিড প্ৰট’কল মানি প্ৰকল্পৰ  কাম কৰি আছে যদিও শ্ৰমিক সকলক কোনো ক’ভিড প্ৰট’কল মানিবলৈ দিয়া নাই ৷ ফলত প্ৰকল্পস্থলীত কৰ্মৰত শ্ৰমিকৰ মাজত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ আনকি অসম চৰকাৰে জাৰি কৰা ক’ভিড বিধিও উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এন এইচ পি চি আৰু এন এইচ পিচি অধীনৰ নিৰ্মাতা সংস্হা সমূহে ৷ ইয়াৰ বিপৰীতে গোগামুখত দ্ৰুত গতিত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে গ্ৰামাঞ্চললৈও এই সংক্ৰমণ বিয়পি পৰিছে ৷ উল্লেখনীয় যে, পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং আৰু  পি ই এছ ইঞ্জিনীয়াৰিং হৈছে এন এইচ পি চিৰ অধীনত নতুনকৈ যোগদান কৰা নিৰ্মাতা সংস্হা  আৰু আটাইবোৰ নিৰ্মাতা সংস্হা অসমৰ বাহিৰৰ ৷ এই নিৰ্মাতা সংস্হা সমূহে অধিকাংশ নিৰ্মাণ সামগ্ৰী নতুনকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প স্থলী গেৰুকামুখলৈ আমদানি কৰাৰ লগতে নিৰ্মাতা সংস্হা সমূহৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তা সকলেো গেৰুকামুখলৈ নতুনকৈ আগমণ ঘটিছে ৷ এই বিষয়া-কৰ্মচাৰী সকলৰ পৰাই এন এইচ পিচৰ চৌদিশে ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ আশংকা কৰাৰ বিপৰীতে এই বিষয়া-কৰ্মচাৰী সকলৰ সংস্পৰ্শলৈ অহাৰ পিছতে স্থানীয় শ্ৰমিক সকললৈ ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ৷  আমাৰ হাতত থকা তথ্যও এই কথা অধিক গাঢ় কৰিছে  আৰু এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ নিৰ্মাতা সংস্হাবোৰে মানৱীয় প্ৰমূল্যবোধ গুৰুত্ব নিদি শ্ৰমিক সকলক ধন অৰ্জনৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷  ইপিনে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ জ’নাল বিষয়া ডাঃ প্ৰফুল্ল ছায়েঙ্গীয়া আৰু আৰু সহকাৰী জ’নাল বিষয়া জ্যোতি প্ৰসাদ দলেয়ে জনোৱা মতে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ ক’ভিড পৰীক্ষাত এতিয়ালৈকে মুঠ ২৬৮ গৰাকী পজিটিভ পোৱা গৈছে ৷ তাৰে এন এইচ পি চিৰ মূল কলনিৰ মুঠ ৩০ গৰাকী ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে লেপ্ট বেংকৰ অৰ্থাৎ এন এইচ পি চিৰ অধীনৰ নিৰ্মাতা সংস্হা সমূহে কাম কৰা স্থলিত মুঠ ৮৩ গৰাকী লোক ক’ভিড পজিটিভ ধৰা পৰিছে ৷ বাকীবোৰ আক্ৰান্ত  গোগামুখৰ বিভিন্ন গাঁৱৰ হোৱাৰ বিপৰীতে লখিমপুৰ জিলাৰ বিভিন্ন গাঁৱৰ লোকো আছেে বুলি জানিবলৈ দিছে ৷ আনপিনে গোগামুখ তাজিক নেপালী গাঁৱত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পোৱাত গাঁওখনক প্ৰশাসনৰ ফালৰ পৰা মিনি কন্টেইন্টমেন জ’ন ঘোষণা কৰা হৈছে ৷ গাঁওখনত ১৫ জনৰো অধিক লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷

ReplyForward
Leave A Reply