Breaking

মাজুলীত নীডচৰ প্ৰশংসনীয় পদক্ষেপ

0 2,027

উত্তৰ -পূৱ প্ৰীড়িত অঞ্চল উন্নয়ন সমিতি ( north- east affected area development sociecty ) চমুকৈ নীডচ – ৰ উদ্যোগত আৰু হাই ( humanitarian aid international ) আৰু হিমালয়াৰ সহযোগত আজি মাজুলী জিলাৰ কমলাবাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত আলিমুৰ বামুণগাওঁ আৰু নাম  সোনোৱাল গাৱঁত ৩০০ শ হাইজিন কিটচ বিতৰণ কৰে ৷অতিমাৰী ক’ৰনা মহামাৰীৰ আতংকই ৰাইজক আতংকিত কৰি ৰখাৰ সময়ত স্বেচ্ছাসেৱী সংগঠন যোৰহাটৰ উদ্যোগত গ্ৰহণ কৰা পদক্ষেপক মাজুলীবাসীয়ে ভুয়সী প্ৰশংসা কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটিয়ে মাজুলীত এটি কাৰ্যালয় স্হাপন কৰি ইতিমধ্যে ক’ভিড – ১৯ ৰ বিৰোধে জন সচেতনতা বৃদ্ধি কৰি ৰাইজৰ মাজত মাস্ক , চেনিটাইজাৰ বিতৰণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰিও বান বিধস্ত অঞ্চলৰ দুখীয়া প্ৰায় ১০০ জন কৃষকৰ মাজত বিনামূলীয়াকৈ শস্য বীজ বিতৰণ কৰি ৰাইজৰ হিত সাধন কৰে ৷ আজিৰ হাইজিন কিটচ বিতৰণ কাৰ্যসূচীত  প্ৰকল্প সমন্বয়ক হেমন্ত ফুকন , জীৱিকা সমন্বয়ক দেবাশীষ শইকীয়া , ক্ষেত্ৰ সমন্বয়ক ডেইজি গগৈ , কমিউনিটি ম’লোবাইলাজাৰ পৰেশ দাস , ধমেন্দ পেগু আৰু ৰাজীৱ শইকীয়াই অংশগ্ৰহণ কৰে ৷

Leave A Reply