Breaking

শিক্ষা বিভাগৰ পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত বিসংগতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ

0 2,029

পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত বিংসগতিৰ বাবে  বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীও বঞ্চিত হব নিযুক্তিৰ পৰা।এই অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৰ।২১ছেপ্তেম্বৰত  এবচুৰ ওদালগুৰি জিলাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সভাপতি বড়োই লগতে কয়- শিক্ষাৰ্থী ৰাজ্যত কোনো বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা যোগ্য প্ৰাৰ্থীয়ে ক ত কৰিব আবেদন। সংবাদমেলত এবছুৰ সভাপতি গৰাকীয়ে কয়- এগৰাকী পোষ্ট গ্ৰেডুৱেট শিক্ষক হবলৈ প্ৰথমে কোনো এটা বিষয়ত স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব। কিন্তু এই সকলো যোগ্যতা থকাৰ পিছতো বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বাবেই এজন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাটো কোনোপধ্যে মানি লব নোৱাৰি। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আমি দাবী কৰিছো। তেওঁ লগতে কয়- অসমত বড়ো মাধ্যমত উচ্চতৰ মাধ্যমিকৰ পাঠদান আজিলৈকে আৰম্ভ কৰিব পৰা হোৱা নাই, দশম শ্ৰেণীলৈকে বড়ো মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও পিছলৈ ইংৰাজী মাধ্যমত উচ্চতৰ আৰু স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰে। তেনেক্ষেত্ৰত বড়ো মাধ্যমত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শিক্ষাৰ্থীক কেৱল বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদনৰ বাবে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনে নিজৰ মাতৃভাষাত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা প্ৰাৰ্থীক সকলো যোগ্যতাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হব বুলি অভিযোগ তোলে। এবছুৰ সভাপতি গৰাকীয়ে কয়- কোভিড১৯ৰ নীতি নিৰ্দেশনা মানি শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি বিটিআৰৰ চাৰিখন জিলাত ৫০ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।কিন্ত্তু উত্তীৰ্ণ অনুপাতে মাত্ৰ ২২ হাজাৰ ছাত্ৰ ছাত্ৰীহে নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।বাকী ২৮ হাজাৰে এতিয়াও নাম ভৰ্ত্তি কৰিব পৰা নাই।সেয়ে চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনেৰে শিক্ষাৰ্থীসকলক নাম ভৰ্ত্তিৰ সুবিধাৰে শিক্ষা গ্ৰহনৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলোৱে সুবিধা পাব লাগিব। বিটিআৰ চুক্তিমতে প্ৰাদেশীকৰণৰ ব্যৱস্থাটো তৰান্বিত কৰিব লাগে বুলি উল্লেেখ কৰে।তেওঁ ষষ্ঠ অনুসূচীতৰ বাহিৰত থকা শিক্ষানুষ্ঠানত পদ সৃষ্টি কৰিব লাগে ইয়াত কোনো বড়ো-অসমীয়া মাধ্যমৰ কথা যেন নাহে। আনহাতে কোকৰাঝাৰৰ উল্টা পানীত প্ৰাক্তন এনডিএফবিৰ দুই কৰ্মীক ইউএলবিৰ সদস্য সজাই নাটকীয় ঘটনাৰে এনকাউন্টাৰ দেখুৱাই হত্যা কৰা কাৰ্যক গৰিহনা জনাই আৰু ধিক্কাৰ দিয়ে।তেওঁ শান্তিৰ স্বাৰ্থতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই।মাৰনাস্ত্ৰতৰ বিৰুদ্ধেও চৰকাৰে বিহীত ব্যৱস্থা লব লাগে।কোনো অস্ত্ৰধাৰী সংগঠনৰ জন্মহোৱাটো আমি কামনা নকৰো।ন্যায় হকে কাম কৰি যোৱা এবচুৱে বন্দুক বাৰুদৰ আন্দোলনক সমৰ্থন নকৰে বুলিও এবচুৰ সভাপতি দ্বিপেন বড়োই উল্লেখ কৰে।

Leave A Reply