Breaking

ঢেকীয়াজুলি ২ নং ৰঙাগড়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত নিক্ষয় দিৱস উদ্‌যাপন

0 110

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাজুলি গাঁও পঞ্চায়ত এলেকাৰ ২ নং ৰঙাগড়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আজি অনুষ্ঠিত কৰে নিক্ষয় দিৱস ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰিকৰণ আঁচনিৰ অধীনত বৰছলা বিধানসভা সমষ্টিৰ চিৰাজুলি গাঁও পঞ্চায়তৰ ২ নং ৰঙাগড়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে নিক্ষয় দিৱস৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নিক্ষয় দিৱসত ১ নং ৰঙাগৰা ২ ৰঙাগড়া কেহেৰুখন্দা আদি অঞ্চলৰ অজস্ৰ লোক উপস্থিত থাকে৷ যক্ষ্মৰোগ দূৰকৰণ আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা নিক্ষয় দিৱসৰ অনুষ্ঠানটোত যক্ষ্মা ৰোগ দূৰকৰণৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ক্ৰমে সুব্ৰত মণ্ডল,ৰেজীনা আহমেদ উপস্থিত থাকি যক্ষ্মাৰোগী সকলে চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কেনেধৰণৰ সুবিধা সমূহ লাভ কৰিব এই ক্ষেত্ৰত ৰাইজক বুজাই দিয়ে৷আজিৰ নিক্ষয় দিৱসৰ অনুষ্ঠানটিত ঢেকীয়াজুলি টিভি ইউনিট সৰৎ চহৰীয়া,কিশোৰ চক্ৰবৰ্তী,আশা চুপাৰভাইজাৰ অম্বালিকা দাসৰ লগতে আশাকৰ্মী সকল উপস্থিত থাকে৷


আজিৰ নিক্ষয় দিৱসৰ অনুষ্ঠানটোত ২ নং ৰঙাগড়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ স্বাস্থ্য বিষয়া পুৰবি তালোকদাৰে যক্ষা ৰোগৰ বিষয়ে বিস্তৃত ভাবে উপস্থিত ৰাইজক বুজাই দিয়ে ৷ আজিৰ নিক্ষয় দিৱসৰ সভাতে স্বাস্থ্য বিভাগে গাজিবুৰ ৰহমান আৰু মমতাজ বেগম নামৰ দুগৰাকী টিভি চেম্পিয়ন নিৰ্বাচন কৰে ৷

Leave A Reply