Breaking

উদালিৰ কাণ্ডৰ ৯ অভিযুক্তক পুনৰ আৰক্ষীৰ জিম্মাত। জে’লত ১৭ অভিযুক্ত ।

0 520

হোজাই জিলাৰ উদালিত চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনাক লৈ এতিয়াও জিলা খনত বিৰাজ কৰি আছে এক চেপা উত্তেজনা। ইতিমধ্যে ঘটনাৰ লগত জড়িত ১২ অভিযুক্তক আজি লংকা আৰক্ষীয়ে শংকৰদেৱ নগৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰায়। ১২জনৰ ভিতৰত আৰক্ষীয়ে পুনৰ চাৰি দিনৰ জিম্মাত লৈছে ৯ অভিযুক্তক। ইয়াৰে সাত জন হৈছে পূৰ্বে আৰক্ষীয়ে তিনিদিনৰ বাবে জিম্মাত লোৱা অভিযুক্ত, তিনিজন নাবালক বুলি আবেদন কৰি আৰক্ষীৰ নিৰীক্ষণত থকা অভিযুক্ত আৰু দুজন হৈছে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা অভিযুক্ত।

আৰক্ষীৰ জিম্মাত থাকিব মৃত গিয়াছউদ্দীনৰ পত্নী গুলনেহাৰ বেগম, মুক্তাৰ আলী, ৰিজুল ইছলাম, ৰহিম উদ্দীন, ৰেহান উদ্দীন, জয়নাল উদ্দীন, কমৰউদ্দীন, মফিজুৰ ৰহমান আৰু জামিল আহমেদ। উল্লেখযোগ্য যে মফিজুৰ ইছলামে পূৰ্বতে নাবালক বুলি আদালতত কৰা দাবীৰ আজি উচিত প্ৰমাণ দিব নোৱাৰাত আদালতে তেওঁক  সাবালক হিচাপে গণ্য কৰে ।

ইপিনে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ  হৈছিল  গুলনেহাৰ বেগম আৰু মুক্তাৰ আলি। পূৰ্বে আৰক্ষীৰ জিম্মাত থকা ৭ অভিযুক্তৰ  ৰিমাণ্ড শেষ হোৱাত আজি পুনৰ আদালতত হাজিৰ কৰায়। মিচবাহ বেগমক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি বাকী  ৯ অভিযুক্তক আৰক্ষীয়ে চাৰিদিনৰ বাবে  লৈছে জিম্মাত।

অন্যহাতে  আন দুই নাবালকো  ৯ জুনলৈ আৰক্ষীৰ নিৰীক্ষণত ৰাখি তেওঁলোকে দাখিল কৰা জন্মৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। লক্ষণীয় যে উদালি কাণ্ডত এইমুহূৰ্তলৈ  ২৮ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি  ১৭জনক জে’ললৈ প্ৰেৰণ কৰিছে।

Leave A Reply