Breaking

নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে…

0 26

নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে

অভিলেখ সৃষ্টি কৰি নৱম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল’লে নীতিশ কুমাৰে । ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সৈতে মিত্ৰতা কৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটলৈ (এন ডি এ) উভতি অহাৰ পিছতে কুমাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাবে শপত লয়। কুমাৰৰ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে পদত্যাগ কৰিছিল। ইপিনে ভাৰতীয় জনতা পাৰ্টিৰ নেতা সম্ৰাট চৌধুৰীয়ে দেওবাৰে বিহাৰত নৱগঠিত চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২৩ চনৰ ২৭ মাৰ্চত ৫৪ বছৰীয়া সম্ৰাট চৌধুৰীয়ে ৰাজ্যিক বিজেপিৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ ছয় বছৰ আগতে বিজেপিত যোগদান কৰিছিল আৰু বিহাৰ বিধান পৰিষদৰ বিৰোধী দলৰ বিজেপি নেতাও আছিল৷

ইয়াৰ পূৰ্বে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দেওবাৰে পুৱা ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰলেকাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে৷ জেডি(ইউ)ৰ সভাপতিজনে কয় যে বিহাৰত শাসকীয় মিত্ৰজোঁটৰ ভিতৰুৱা পৰিস্থিতি ভাল নহয়। “মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো কিয়নো কথাবোৰ ভালদৰে আগবঢ়া নাছিল। পূৰ্বৰ মিত্ৰতা ত্যাগ কৰি এতিয়া নতুন মিত্ৰতা গঢ়ি তুলিছো,” বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত নীতিশে কয়।

দেওবাৰে পুৱা বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নীতিশ কুমাৰে। কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা কৰি পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব।

জনতা দল (ইউনাইটেড)ৰ মুৰব্বীজনে ৰাজ্যপালৰ কাৰ্যালয়ত উপস্থিত হৈ দেওবাৰে দিনৰ ১১ বজাত পদত্যাগ পত্ৰ প্ৰদান কৰে। ইয়াৰ পূৰ্বে তেওঁ তেওঁৰ দলৰ বিধায়কসকলক তেওঁৰ চৰকাৰী বাসভৱনলৈ মাতি নি এক বৈঠকত মিলিত হয়। পদত্যাগৰ লগে লগে কুমাৰে ২৮ দলীয় বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ পৰাও প্ৰস্থান কৰিলে।

বিহাৰত শেহতীয়াকৈ ৰাজনৈতিক উত্তেজনাই চৰম সীমাত উপনীত হৈছিল৷ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে৷ ২৪৩ খন আসন থকা বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আৰজেডিৰ ৭৯ জন বিধায়ক আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ ১৯ জন বিধায়ক, চিপিআইএমএল লিবাৰেচনৰ ১২ জন বিধায়ক, চিপিএমৰ ২ জন বিধায়ক, চিপিআইৰ ২ জন বিধায়ক আৰু ১ জন নিৰ্দলীয় বিধায়ক আছে।

Leave A Reply