Breaking

‘পংকজ পাঠক বুলিলে নহয় কোনো পুৰুষে নাৰীক অপমান কৰাৰ অধিকাৰ নাই ‘-দিগন্ত কলিতা

0 126

বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলাৰ উদ্যোগত জিলা কাৰ্যনিৰ্বাহক সভা গুইয়া বাসুদেৱ মন্দিৰ প্ৰেক্ষাগৃহত অনুস্থিত হয়।সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ লগতে দলক সুসংগঠিত কৰাৰ প্ৰচেষ্টা লোৱা বুলি বিধায়ক দিগন্ত কলিতাই উল্লেখ কৰে। মূল্যবৃদ্ধিয়ে সকলো মানুহৰ লগতে তেওকো চুই গৈছে বুলি জনায়, এইক্ষেত্ৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কথাও উল্লেখ কৰে। পংকজ পাঠক সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় পংকজ পাঠক বুলিলে নহয় কোনো পুৰুষে নাৰীক অপমান কৰাৰ অধিকাৰ নাই গতিকে পংকজ পাঠকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৱ লাগে।

বিজেপিয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ মুক্ত পঞ্চায়ত আৰু কংগ্ৰেছ মুক্ত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে।যি দলে বিজেপিক সন্মুখৰ পৰা প্ৰত্যাহবান জনাব সেই দলক ৰাজনৈকতিক ভাৱে নি:শেষ কৰি অসমৰ প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ টিৰংগা উৰোৱাৰ সংকল্প বিজেপিয়ে লৈছে।

বিধায়ক দিগন্ত কলিতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি কয় এটা ৰাজনৈকতিক দলৰ সভাপতি হৈ কাক ভোট দিব সেয়াও সিদ্ধান্ত কৰিব নোৱাৰে, দলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ঘৰখনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই দলৰ সভাপতি হোৱাতকৈ বিজেপি দলৰ সাধাৰণ সদস্য হৈ থকাই ভাল। কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা , ৰাজ্যিক সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নথ শৰ্মা, কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , সহ প্ৰভাৰী দিলীপ দাস আৰু ৰাজ্যিক তথা জিলা কাৰ্যনিৰ্বাহক সদস্য সকল উপস্থিত থাকে।

Leave A Reply