Breaking

মুখত নাই মাস্ক – সামাজিক দূৰত্বৰ প্ৰতি ভূক্ষেপ নাই সাধাৰণ জনতাৰ

0 2,038

সমগ্ৰ দেশজুৰি  ক’ভিড১৯ ভাইৰাছৰ দ্বিতীয় লহৰত সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি,বজাৰ,ব্যৱসায়ীক প্ৰতিষ্ঠান,ঔষধৰ বিপনী আদিত বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশৰ। জিলাখনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি, তিনিআলি,বজাৰ সমূহৰ কথাটো বাদেই আন নালাগে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ সৰ্ব্বসাধাৰণ মানুহৰ মুখৰ পৰা অদৃশ্য হৈ পৰিছে মাস্ক। ঠিক একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নিৰ্দেশনাও ৷ বজাৰ সমূহত একাংশ লোকে গাত গা লগাই বজাৰ সমাৰ কৰা দৃশ্য সূলভ হৈ পৰিছে। 
জিলাখনৰ নগৰ-চহৰ, গ্ৰাম্যাঞ্চলত বজাৰে সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা প্ৰায় পঞ্চাশ শতাংশ লোকেই মুখত মাস্ক নিপিন্ধে। খোজকাঢ়ি,চাইকেল চলাই যোৱা বহুতৰে মুখত আজিৰ তাৰিখত নাই কোনো মাস্কৰ ব্যৱহাৰ ৷ মাস্ক পিন্ধা একাংশ লোকে আকৌ নাক ওলিয়াই, একাংশই আকৌ থুতৰিত মাস্ক পৰিধান কৰাটোহে সম্প্ৰতি আমোদজনক বিষয় হৈ পৰিছে। সেইদৰে,হোটেল-মিঠাই বিপনী,চাটহাউছ,ৰেষ্টুৰেণ্ট আদিত মুখত মাস্ক আৰু হাতত হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক চেলছ মেন সমূহে বিলাইছে খাদ্য সামগ্ৰী ৷ ইপিনে,জিলা খনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সামাজিক দূৰত্বৰ নিৰ্দেশনা ধোঁৱাচাঙত উঠিছে। বজাৰ সমূহ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান,ঔষধৰ বিপনী সমূহত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই আজিও সামগ্ৰী ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, জিলাখনৰ মিশ্যন মাৰ্টেক,ষ্টেডিয়াম মাৰ্কেট,সদৰ থানা ৰোড,হয়বৰগাঁও বজাৰ,ধিং গেট বজাৰ স্থিত ঔষধৰ বিপনী সমূহত এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোবা গৈছে আজি কেইবাদিনো ধৰি ৷ এইসমূহ অঞ্চলত যি কেইখন ঔষধৰ বিপনী আছে তাত শ-শ লোকে ভিৰৰ মাজৰ পৰাই ঔষধ ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে ৷ ঔষধ বিপনীৰ কতৃপক্ষই এইক্ষেত্ৰত কোনো নিয়ম মানি চলা দেখিবলৈ পোবা নাই সাধাৰণ ৰাইজে ৷ তাৰোপৰি, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বেংক,বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নিৰ্দেশনা। বেংকৰ ভিতৰতো এনে কেতবোৰ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুতৰীতহে মাস্ক থাকে। নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি এই লোক সকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নিৰ্দেশনাক গুৰুত্বহীন কৰি অন্য সহস্ৰাধিক লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ।ইপিনে,ৰাজপথত বাইক আৰোহী,চাইকেল আৰোহীয়ে থু-খেকাৰ পেলোৱাটো যেন নিয়মত পৰিনত হৈছে ৷ আন ঠাইৰ কথাটো বাদেই নগাঁৱৰ ৰাজপথৰ বিভিন্ন অংশত তামোল,গুটখাৰ পিকৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে। সেইবোৰ ভৰিৰে গচকি মুহাৰী ৰাইজ ঘৰমুৱা হব লগীয়াত পৰিচে ৷ আনহাতে,নগাঁৱৰ চহৰাঞ্চলৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বিয়লি ২বজাৰ ঠিক লগেলগে বন্ধ হৈ যায় যদিও চহৰৰ দাতিকাষৰীয়া শেনচোৱা তিনিআলি,বৰভেটি চাৰিআলি,কাছমাৰী চাৰিআলি,চলচলি- সোনাইপাৰ আদি অঞ্চল সমূহত সন্ধিয়া পৰ্যন্ত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ মুকলি কৰি থৈ ৰাইজৰ বৃহৎ সমাগম হৈ থকা দেখিবলৈ পোবা গৈছে ৷ এইক্ষেত্ৰত ব্যৱসায়ীক প্ৰতিষ্ঠান-ঔষধৰ বিপনী সমূহত হোবা বৃহৎ সমাগম বোৰে সৰ্ব্বসাধাৰণ ৰাইজলৈ বিপদ মাতি অনাৰ আশংকাই দেখা দিছে ৷ এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে নগাঁৱৰ সচেতন মহলে ৷ 

Leave A Reply