Breaking

No Porn, SEX TOYS and BEER; কাটাৰ বিশ্বকাপত নিষিদ্ধ কৰা সামগ্ৰী কি কি। জানো আহক।

0 797

ফিফা বিশ্বকাপ ২০২২ সমাগত। প্ৰথম বাৰৰ বাবে কাটাৰে আয়োজন কৰিবলৈ লৈছে এই প্ৰতিযোগিতা। দেশখনৰ বাবেই এক উৎসাহজনক এই আয়োজন। এই বিশ্বকাপৰ বাবে আয়োজক দেশখনে বিভিন্ন নিয়ম বান্ধি দিয়া দেখা গৈছে। কি কি সামগ্ৰী এই বিশ্বকাপত নিষিদ্ধ কৰা হৈছে তাৰে এক তালিকা জনাব বিচাৰিছোঁ।

Share

প’ৰ্ণ আৰু সম্ভোগ পুতলা

যদি কোনো ফুটবল অনুৰাগীক প’ৰ্ণ চোৱা বা সম্ভোগ পুতলা ব্যৱহাৰ কৰা অৱস্থাত কৰায়ত্ত কৰা হয়, তেনেহ’লে বৃহৎ পৰিমাণৰ জৰিমনা আৰু জেইল হ’ব পাৰে। এই সামগ্ৰীসমুহ কঠোৰভাৱে কাটাৰত নিষিদ্ধ।

Share

গাহৰিৰ পৰা প্ৰস্তুত কৰা যিকোনো খাদ্য সামগ্ৰী

যদি আপুনি গাহৰিৰ মাংস বা গাহৰিৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী খাই ভালপায়, তেনেহ’লে আপোনাৰ বাবে বেয়া খবৰ। কাটাৰত এইবোৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। ইছলাম ধৰ্মপ্ৰধান দেশ কাটাৰত নচলে এইবোৰ।

Share

Duty-free এলকহল আৰু বিয়েৰ

থিকেই পঢ়িছে আপুনি। ডোহাত বিমানৰ পৰা নমাৰ পাছত আপুনি এগৰাকী দৰ্শনাভিলাষী হিচাপে Duty-freeএলকহল আৰু বিয়েৰ লৈ যাব নোৱাৰিব। ১৮ নৱেম্বৰত লোৱা সিদ্ধান্ত মৰ্মে বিশ্বকাপৰ সময়ত নচলিব এইবোৰ।

Leave A Reply