Breaking

তামুলপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

0 569

তামুলপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা কাৰ্যসূচী।’জয়ন্ত মল্ল বৰুৱা হায় হায়,অসম চৰকাৰ হায় ধ্বনিৰে উত্তাল তামুলপুৰ’।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ, অসমৰ আহ্বান মৰ্মে আজি তামুলপুৰত বাক্সা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে পৰিষদৰ চাৰিদফীয়া দাবীৰ সমৰ্থনত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

বাক্সা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ অৰ্ধশতাধিক সদস্যই জন স্বাস্থ্য কাৰিকৰী বিভাগৰ তামুলপুৰ উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আমাক স্বায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক,অসম চৰকাৰ হায় হায়, জয়ন্ত মল্ল বৰুৱা হায় হায় ,অস্থায়ী শ্ৰমিক পৰিষদ জিন্দাবাদ,আমাৰ বকেয়াধন শীঘ্ৰে খাৰিজ কৰক,অস্থায়ী শ্ৰমিক পৰিষদৰ লগত হেতালি খেলা বন্ধ কৰক, এনগেজৰ নামত দিয়া ললিপপ বন্ধ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।


ধৰ্ণাৰ শেষত প্ৰতিবাদী অস্থায়ী শ্ৰমিক কৰ্মচাৰী সকলে তেওঁঁলোকৰ চাৰিদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ তামুলপুৰ উপ সংমণ্ডল বিষয়াৰ হাতত অৰ্পণ কৰে।

Leave A Reply