Breaking

নোৰা ফাতেহীয়ে জেকলিন ফাৰ্নাণ্ডেছৰ বিৰুদ্ধে দাখিল কৰিলে ২০০ কোটি টকাৰ মানহানিৰ গোচৰ…

0 126

নোৰা ফাতেহীয়েমানহানি গোচৰ৷ অভিনেত্ৰী তথা নৃত্যশিল্পী নোৰা ফাতেহীয়ে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছৰ বিৰুদ্ধে সোমবাৰে (১২ ডিচেম্বৰ) ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে। জেকলিন ফাৰ্নাণ্ডেজে দুৰ্নীতিপৰায়ণ উদ্দেশ্যৰে ভুৱা বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন হৈছিল। দুয়োকে ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ইডিয়ে জেৰা কৰিছিল। য’ত মাষ্টাৰমাইণ্ড সুকেশ চন্দ্ৰশেখৰ মূল অভিযুক্ত।

নোৰা ফাটেহীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে দাখিল কৰা আবেদনত উল্লেখ কৰিছে যে অভিযুক্ত নং-১ (জেকলিন ফাৰ্নাণ্ডেছ)ৰ হৈ তেওঁৰ আৰ্থিক, সামাজিক আৰু ব্যক্তিগত পতন নিশ্চিত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আবেদনখনত উল্লেখ কৰা হৈছে যে তেওঁৰ দ্ৰুতগতিত বৃদ্ধি পোৱা কেৰিয়াৰে তেওঁৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰা প্ৰতিদ্বন্দ্বীসকলৰ মাজত স্পষ্টভাৱে ভয়ৰ সৃষ্টি কৰিছে।

ধন সৰবৰাহৰ এক গোচৰত নোৰা ফাটেহি আৰু জেকলিন ফাৰ্নাণ্ডেছ দুয়োকে সোধা-পোছা কৰা হৈছে। এই গোচৰত জেকলিন ফাৰ্নাণ্ডেছৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ইডিৰ তথ্য অনুসৰি দুয়োগৰাকী অভিনেত্ৰীয়ে এই গোচৰৰ মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ পৰা ব্যয়বহুল উপহাৰ লাভ কৰিছিল। ২ ডিচেম্বৰত নিজৰ বক্তব্য ৰেকৰ্ড কৰাৰ পিছত বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত নোৰাই কৈছিল যে তেওঁ সুকেশৰ পৰা কোনো উপহাৰ লোৱা নাই।

সোমবাৰেও অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ আৰু গুণ্ডা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত দিল্লীৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত জেকলিন ফাৰ্নাণ্ডেছকো আদালতত হাজিৰ হৈছিল। আদালতত গোচৰৰ শুনানি এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে।

জেকলিনৰ অধিবক্তাই জেকলিনে বলবৎকাৰী সঞ্চালকালয়ৰ পৰা অভিযোগ পত্ৰৰ সম্পূৰ্ণ কপি আৰু অন্যান্য নথি-পত্ৰ লাভ নকৰাৰ পিছত বিশেষ ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে গোচৰৰ শুনানি ২০ ডিচেম্বৰলৈ স্থগিত ৰাখে। ১৫ নৱেম্বৰত আদালতে জেকলিন ফাৰ্নাণ্ডেজক নিয়মীয়া জামিন প্ৰদান কৰে। এই গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

Leave A Reply