Breaking

গোগামুখত নৰ্থ-ইষ্ট পেঞ্চাক চিলাটৰ বিশেষ শিবিৰ; কলা-কৌশলৰ ওপৰত আলোচনা চক্ৰ

0 39

দেশৰ লগতে বিদেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা সমূহৰ বাবে গোগামুখত ৫ দিনীয়া কাৰ্যসূচীৰে নৰ্থ-ইষ্ট পেঞ্চাক চিলাটৰ আৱাসিক শিবিৰ  আৰু কলা-কৌশলৰ ওপৰত আলোচনা চক্ৰ   অনুষ্ঠিত হৈছে৷

ধেমাজি জিলাৰ গোগামুখৰ মিংমাং ৰূপহীস্থিত পেঞ্চাক চিলাটৰ আৱাসিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত আৱাসিক শিবিৰ ৪ এপ্ৰিলৰ পৰা পৰা ৯ এপ্ৰিললৈ অনুষ্ঠিত হৈছে৷ আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম পেঞ্চাক চিলাটৰ সংস্থাৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই  আৱাসিক শিবিৰ আৰু কলা-কৌশলৰ আলোচনা চক্ৰ উদ্বোধন কৰে৷

উদ্বোধনী ভাষণত তেওঁ কয়- পেঞ্চাক চিলাট খেলখন আমাৰ অসম নতুন সংস্কৰণ যদিও ইয়াৰ জনপ্ৰিয়ত দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ দেশ বিদেশৰ বিভিন্ন স্থানত অসমৰ লগতে সমগ্ৰ নৰ্থ-ইষ্টৰ খেলুৱৈয়ে পদক বুটলিবলৈ সক্ষম হৈছে৷ চলিত বৰ্ষত বিভিন্ন ঠাইত অনুষ্ঠিত হ’বলগা পেঞ্চাক চিলাট প্ৰতিযোগিতা সমূহৰ বাবে  মিংমাঙৰ ৰূপহীত বিশেষভাৱে আৱাসিক প্ৰশিক্ষন শিবিৰ আয়োজন কৰা হৈছে ৷ ইয়াত সুপ্ৰশিক্ষিত হোৱাৰ পাছত বিভিন্ন শাখাত বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগা পেঞ্চাক চিলাট প্ৰতিযোগিতাত অংশ ল’ব বুলি তেওঁ দোহাৰে ৷ 

পেঞ্চাক চিলাটৰ সামগ্ৰিক উন্নয়নৰ বাবে অসম চৰকাৰ, ভাৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা পূঁজি আবন্টনৰ বাবে ইতিমধ্যে আবেদন জনোৱা হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই আবেদন আন্তৰিকতাৰে গ্ৰহণ কৰিছে বুলিও তেওঁ মন্তব্য আগবঢ়ায় ৷  অনুষ্ঠানত অতিথি হিচাপে উপস্থিত  থাকি ক্ৰমে ক্ৰমে  নৰ্থ-ইষ্ট পেঞ্চাক চিলাটৰ উপ সভাপতি  এম পি তেৰণ, ৰাষ্ট্ৰীয় প্ৰশিক্ষক অভয় শ্ৰীবাস্তৱ, প্ৰেম সিং থাপা, অতুল কলিতা আদিয়ে৷

অনুষ্ঠানত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছামূলক ভাষণ দিয়ে  সদৌ অসম ছাত্ৰ সন্হা, টি এম পি কে, এম এম কে, টি এম এম কে প্ৰতিনিধি বৰ্গই ৷ অনুষ্ঠানত  মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যসকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশেষ আৱাসিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে পেঞ্চাক চিলাটৰ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে৷

সমগ্ৰ  অনুষ্ঠানটোৰ আঁত ধৰে অসম পেঞ্চাক চিলাট এছ’চিয়েছনৰ সম্পাদক লক্ষ্যজিৎ দলেয়ে ৷ ইয়াৰ পাছতে কলা-কৌশলৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ আৱাসিক শিবিৰ আৰু কলা-কৌশলৰ আলোচনা চক্ৰ তদাৰকৰ দায়িত্বত আছে যুৱ সমাজকৰ্মী সঞ্জীৱ মিলিয়ে ৷

Leave A Reply