উত্তৰ-পূৰ্বাঞ্চল

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

২৪ বছৰীয়া দীৰ্ঘ বিৰতিৰ পাছত অৱশেষত চামগুৰিৰ(Samaguri) পৰা অৱসান ঘটিল ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ(Family-centric politics)।

Imran Shah’s birthday:কথাশিল্পী ইমৰান শ্বাহৰ ওপজাত দিনত গুণমুগ্ধ, শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা

শিৱসাগৰ নগৰৰ ধাইআলিস্থিত পদ্মশ্রী সন্মানপ্ৰাপক(Padma Shri) ইমৰান শ্বাহৰ(Imran Shah's birthday) বাসভৱনত শনিবাৰে অনুষ্ঠিত হোৱা তেখেতৰ ৯২সংখ্যক ওপজা দিনৰ বিশেষ কাৰ্যসূচীত অগণন শুভাকাঙ্ক্ষীৰ শুভেচ্ছা গ্ৰহণ কৰি কথাশিল্পী ইমৰান শ্বাহে আৱেগিক হৈ সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে এনেকৈয়ে সকলোকে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে।

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

অৱধাৰিতভাবেই ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল অগপ(AGP defeated the Congress) তথা মিত্ৰজোটৰ(Alliance) হাতলৈ গ'ল৷ অক্ষত হৈ থাকিল অগপ দলৰ দুৰ্গ বঙাইগাঁও৷ সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'ল অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury)৷

Central Foundation Day:ধেমাজিত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ধেমাজি জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ(Sadharon Jati Surokhaa Sanmilon) আতিথ্যত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস(Central Foundation Day) উদযাপন কৰা হয়।

Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা

১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷

Popular