উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati

৫ মে’২০২৫: North Guwahati । উত্তৰ গুৱাহাটী অভয়পুৰ কলেজ নগৰত চাইনী ড্যান্স একাডেমী নামৰ এখন নৃত্য বিদ্যালয় মুকলি কৰা হয়। অৰূপ দাসে আতঁধৰা অনুষ্ঠানত বিদ্যালয় খনৰ দ্বাৰ মুকলি কৰে নৃত্য প্ৰশিক্ষক কঙ্কন চৌধুৰীয়ে। এই বিদ্যালয় খনত সপ্তাহত দুটা দিন আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বিদ্যালয় খনৰ মুখ্য তত্বাৱধায়ক হিচাপে থাকিব বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা জণকল্যাণ বাতৰি কাকতৰ মুখ্য সম্পাদক কুমুদ নাথ।

বিদ্যালয় খনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি দৈনিক অসম কাকতৰ উত্তৰ গুৱাহাটীৰ সংবাদ দাতা ৰূপক ডেকাই সাম্প্ৰতিক পৰিস্থিতিত এই বিদ্যালয় খনে এক মুখ্য ভুমিকা পালন কৰিব বুলি উল্লেখ কৰে কিয়নো বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মৰ লৈ এক ডাঙৰ অভিশাপ কঢ়িয়াই আনিছে।এই বিদ্যালয় খনে শিক্ষাৰ্থী সকলক নৃত্যৰ লগতে সমাজক সুস্থিৰ ভাবে আগবঢ়াই নিবলৈ সক্ষম হব উল্লেখ কৰে। সাংবাদিক কৌশিক ডেকাই বক্তব্যত এই বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্য লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। উত্তৰ গুৱাহাটীৰ কলেজ নগৰৰ দৰে এক কেন্দ্ৰীয় স্হানত এই বিদ্যালয় খন স্হাপন হোৱাটো অতিকৈ ভাল খবৰ বুলি সাংবাদিক গৰাকীয়ে উল্লেখ কৰে। সাংবাদিক উৎপল তামুলীয়ে এই নৃত্য বিদ্যালয় খনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সাংস্কৃতিক কৰ্মী কুমুদ নাথৰ তত্বাৱধানত বিদ্যালয় খনে এক সুন্দৰ গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নৃত্য শিল্পী মিতালী দাসৰ লগতে,পিংকী চৌধুৰী, টিংকু শ‌ইকীয়া আৰু ক্ষীৰদা নাথৰ উপৰিও বহু বিশিষ্ট ব্যক্তি। মুকলি অনুষ্ঠানৰ শেষত বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে নৃত্য পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

Related Articles