Breaking

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন। পাঁচগৰাকী বিশিষ্ট ব্যক্তিক জনাই ওলগ…

0 126

অসম সাহিত্য সভাৰ অন্যতম শাখা সাহিত্য সভা উত্তৰ শাখা সাহিত্য সভাই নিজৰ দিন উপলক্ষে পহিলা ব’হাগৰ দিনটোত বৃহত্তৰ অঞ্চলটোৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক নিজা নিজা বাসগৃহত উপস্থিত হৈ ওলগণি জনায়।

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক তথা জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক তথা জিলা সাহিত্য সভাৰ ৰামধেনু সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই উপস্থিতিত নতুন কমলাবাৰী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ শিল্পী পদ্ম হাজৰিকা বৰবায়ন, মৰিটুনী গাঁওৰ সমাজকৰ্মী মামা ৰেগন, দৰিয়া গাওঁৰ বয়োজ্যেষ্ঠ মহিলা নীৰদা হাজৰিকা, সমাজসেৱীকা সোণমাই বৰা আৰু শশীপ্ৰভা বৰুৱাক অসম সাহিত্য সভাৰ ওলগণি পত্ৰ, গামোচা-বিহুৱান-গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱজিত মিশ্ৰ, প্ৰাক্তন সভাপতি কনকচন্দ্ৰ বৰুৱা, উপ-সভাপতি অনুপ্ৰভা দেৱী, সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱাৰ নেতৃত্বত ওলগ গ্ৰহণ কৰি প্ৰতিগৰাকী সম্বৰ্ধিত ব্যক্তিয়ে অসম সাহিত্য সভাৰ বিশেষ কাৰ্যসূচীটি সুকলমে সমাপন কৰাৰ বাবে শাখা সাহিত্য সভাক শলাগ জ্ঞাপন কৰে ।

Leave A Reply