উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক ! উত্তৰ-পশ্চিম ভাৰতত কেৰালাত অৰেঞ্জ এলাৰ্ট জাৰি…

আজিৰে পৰা উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী।
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত, ম্যানমাৰ, লাউচ আৰু ভিয়েটনামত এপ্ৰিল মাহত গৰমৰ অভিলেখ ভংগ কৰিছে ।

ফিলিপাইনছত নিশাও সৰ্বাধিক গৰম অনুভৱ কৰা দেখা গৈছে । ভাৰতত তাপমাত্ৰা ৪৬ ডিগ্ৰী চেণ্টিগ্ৰেডত উপনীত হৈছে ।২০২২ চনত, উত্তৰ-পশ্চিম ভাৰত আৰু দক্ষিণ পাকিস্তানত মাৰ্চ-এপ্ৰিলত গ্ৰীষ্মৰ সম্ভাৱনা ৩০ গুণ অধিক আৰু ১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈছিল ।

এই গ্ৰীষ্ম প্ৰৱাহ আৰু তাপমাত্ৰা বৃদ্ধি প্ৰকৃতিৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ ফলত হোৱাৰ সম্ভাৱনা অধিক ।এই গ্ৰীষ্ম প্ৰৱাহৰ ফলত সমগ্ৰ এছিয়াত কেইটামান মৃত্যুৰ হে ইংগিত দিছে যদিও এই সময়ছোৱাত এছিয়াত সম্ভৱত: শ শ গ্ৰীষ্ম-সম্পৰ্কীয় মৃত্যু হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ।

Related Articles