Breaking

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

0 2,063

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ’ব।


“স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে সৰ্বশ্ৰেষ্ঠ খাদ্য। নৱজাত মৃত্যু হ্ৰাস কৰিবলৈ জন্মৰ প্ৰথম ঘণ্টাৰ পৰা আৰম্ভ কৰি প্ৰথম ছয় মাহৰ পৰ্যন্ত শিশুক কেৱল স্তনপান কৰাৰ পৰামৰ্শ দিয়া হয়, “এছ.চি.এইছৰ শিশু বিশেষজ্ঞ ড. দেবজিত শৰ্মাই কয়।


তেওঁ লগতে কয় “ভাৰতত মাতৃ অসুস্থ হোৱাৰ বাবে বা কিছুমান সংক্ৰামক ৰোগ হোৱাৰ বাবে নৱজাতকটিয়ে পৰ্যাপ্ত গাখীৰ পোৱাৰ পৰা বঞ্চিত হয়। এনে শিশুৰ বাবে মানৱ গাখীৰ বেঙ্ক হ’ব সৰ্বশ্ৰেষ্ঠ বিকল্প ।”


“আমাৰ চিকিৎসালয়ত প্ৰতি মাহে ১০০ৰো অধিক প্ৰসৱ হয় আৰু সেই কিছুমান মাতৃৰ পৰা গাখীৰ সংগ্ৰহ কৰিব পাৰো। আমি আন মাতৃসকলকো বেংকলৈ দান কৰিবলৈ উদগনি দিম। আগন্তক দিনত, আমি দাতাসকলৰ বাবে কিছুমান ইনচেণ্টিভ অন্তৰ্ভুক্ত কৰিম” : ড. শৰ্মাই কয়।

Leave A Reply