Breaking

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি…

0 122

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি।দীপিকা পাডুকন বা আলিয়া ভাট ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী নহয়। বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাটেলাই ছবিজগত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই যদিও ফেশ্বন, মডেলিং আৰু ডান্সৰ জগতত সুনাম অৰ্জন কৰিছে। এইবাৰো নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে উৰ্বশী ৰাউটেলা। শেহতীয়াকৈ উৰ্ভাশী ৰাউটেলাই দক্ষিণ ভাৰতীয় এখন ছবিৰ তিনি মিনিটৰ গীতত অভিনয় কৰিবলৈ প্ৰায় ৩ কোটি টকাৰ দাবী উত্থাপন কৰা বুলি খবৰ ওলাইছে। অৰ্থাৎ অভিনেত্ৰীগৰাকীয়ে ১ মিনিটৰ বাবে ১ কোটি টকা বিচাৰিছে…!

২০২৩ চনৰ কান ফেষ্টিভেলত নিজৰ ফেশ্বন দেখুৱাই লাইমলাইটত থকা উৰ্বশী ৰাউটেলাই এতিয়া ১ মিনিটৰ বাবে ১ কোটি টকা লোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি বয়াপতি শ্ৰীনু-ৰাম পোথিনেনীৰ আগন্তুক ছবিখনত উৰ্বশী ৰাউটেলাই ডান্স কৰিবলৈ ওলাইছে। কোৱা হৈছে যে এই নৃত্যটো ৩ মিনিটৰ হ’ব, য’ত উৰ্বশী ৰাউটেলায়ে অভিনয়ৰ বাবে ৩ কোটি টকা দাবী কৰিছে। যদি উৰ্বশীয়ে এই পইচা পায়, তেন্তে তেওঁ হ’ব দেশৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী। এতিয়ালৈকে ১ মিনিটৰ অভিনয়ৰ বাবে কোনো অভিনেত্ৰীক ইমান বৃহৎ পৰিমাণৰ ধন দিয়া হোৱা নাই।

Leave A Reply