Breaking

ধোনী নহয়, সুৰেশ ৰাইনাৰ ডাঙৰ অনুৰাগী ৰিংকু সিং…

0 55

ৰিংকু সিং: ধোনী নহয়, সুৰেশ ৰাইনাৰ ডাঙৰ অনুৰাগী ৰিংকু সিং। ৰিংকু সিঙে তেওঁৰ শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁৰ আদৰ্শ ব্যক্তি ধোনী নহয় সুৰেশ ৰাইনাহে। আই পি এল ২০২৩ত কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত হোৱা এখন খেলৰ সময়ত শেষৰ পাঁচটা বলত ৫টা ছয় মাৰি মেচখনত জয়লাভ কৰি ৰিংকু সিঙৰ নাম বিশ্ব ক্ৰিকেটত জনপ্ৰিয় হৈ পৰে। ইয়াৰ পিছত তেওঁ টিম ইণ্ডিয়াতো খেলাৰ সুযোগ পাইছিল, আৰু তাত তেওঁ আই পি এলত নিজৰ দল কে কে আৰৰ হৈ খেলি থকা একেটা ভূমিকাকে ভালদৰে পালন কৰিছিল।

সুৰেশ ৰাইনাক নিজৰ প্ৰেৰণা বুলি গণ্য কৰা ৰিংকু সিঙে শেহতীয়া সাক্ষাৎকাৰত কয় যে, মই সুৰেশ ৰাইনাৰ ডাঙৰ অনুৰাগী। মই তেওঁক অনুসৰণ কৰিবলৈ চেষ্টা কৰো। মোৰ জীৱন আৰু কেৰিয়াৰত তেওঁ এক বৃহৎ ভূমিকা পালন কৰিছে। বেটৰ পৰা আৰম্ভ কৰি পেডলৈকে সকলো কামতে তেওঁ মোক সহায় কৰিছে। মোৰ বাবে তেওঁ সকলো। যেতিয়াই মোৰ কিবা সন্দেহ হয় তেতিয়াই ৰাইনলৈ ফোন কৰো। মোৰ বাবে তেওঁ ডাঙৰ ভাইতকৈও বেছি ।

ইয়াৰ বাহিৰেও ৰিংকু সিঙে তেওঁৰ সাক্ষাৎকাৰত কয়, “মই আলিগড়ৰ আই পি এল আৰু ভাৰতৰ হৈ খেলা প্ৰথমজন খেলুৱৈ আৰু প্ৰতিজন খেলুৱৈয়ে বিশ্বকাপত নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখে। মইও একেই সপোন দেখিছো আৰু কাম কৰি আছো।” যেতিয়াই, য’তেই, যিকোনো ফৰ্মেটত মই সুযোগ পাম, মই মোৰ ১০০ শতাংশ দিম।”


Leave A Reply