Breaking

ভুলতেও এইকেইটা বস্তু কেতিয়াও কাকো উপহাৰ (Gift) নিদিব; কাৰো পৰা নল’বও, নহ’লে আৰ্থিক অনাটনত ভুগিব

0 249

সকলোৱে উপহাৰ দিলে ভাল পায়। কিন্তু হয়তো আমি উপহাৰ দিয়াৰ সময়ত এই কথাটো নাভাবো যে কোনটো উপহাৰ দিলে বা ল’লে ভাল হয়। কাৰণ এই উপহাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰতো আছে বহু সাৱধানতা। উপহাৰ দিয়া-লোৱাই আমাৰ জীৱনত বিভিন্নধৰণৰ প্ৰভাৱ পেলাব পাৰে। বাস্তু শাস্ত্ৰ মতে, উপহাৰৰ মাৰাত্মক প্ৰভাৱ পৰে আমাৰ জীৱনত। এনে বহু সামগ্ৰী আছে যিবোৰ উপহাৰ হিচাপে দিয়া বা লোৱা একেবাৰেই উচিত নহয়। জীৱনত নামি আহে ঘোৰ আৰ্থিক অনাটন।

১. ৰুমাল বা টাৱেল (Hanky Towel): ৰুমাল বা টাৱেল ভুলতো কাকো নিদিব বা কাৰো পৰা নল’ব। নহ’লে ই আপোনাৰ আৰ্থিক জীৱনত প্ৰভাৱ পেলাব পাৰে।

২. যিকোনো ভগৱানৰ মূৰ্তিঃ যিকোনো ভগৱানৰ মূৰ্তি বা ফটো কেতিয়াও কাকো উপহাৰ নিদিব বা নল’ব। কাৰণ সেই ভগৱান ৰখাৰ সঠিক স্থানত হয়তো তেওঁৰ অজানা, বা সঠিক নিয়মত তাৰ সেৱা হয়তো তেওঁ কৰিব নাজানিব। ফলত যিয়ে দিছে অথবা যিয়ে লৈছে, উভয়ৰে ক্ষতি হয়।

৩. জলযুক্ত কোনো বস্তুঃ জলযুক্ত কোনো বস্তু যেনে একুৱাৰিয়াম, ফিছ বল কাকো উপহাৰ দিব বা ল’ব নালাগে।

৪. নিজৰ কামৰ সৈতে জড়িত কোনো বস্তুঃনিজৰ কামৰ সৈতে জড়িত কোনো বস্তু কাকো উপহাৰ দিব নালাগে। যেনে যদি কোনোবা লেখক তেন্তে নিজৰ লেখা পেন বা বহী কাকো উপহাৰ দিলে নিজৰ কামৰ ক্ষতি হয়।

৫. ধাৰযুক্ত কোনো সামগ্ৰীঃ ধাৰযুক্ত কোনো সামগ্ৰী যেনে কাৰুকাৰ্য কৰা ছুৰি বা তৰোৱাল কাকো উপহাৰ নিদিব বা উপহাৰ হিচাপে নল’ব। ইয়াৰ ফলত ঘৰত নিগেটিভ এনাৰ্জী প্ৰৱেশ কৰে।

Leave A Reply