Breaking

কেৱল ছানি দেওলেই নহয়, চলিত বৰ্ষত ৯০ দশকৰ বহু অভিনেতাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে…

0 112

৯০ৰ দশকৰ বহু অভিনেতাই ২০২৩ চনত উপহাৰ দিছে বহু শ্ৰেষ্ঠ ছবি। ৯০ দশকৰ অভিনেতাই বক্স অফিচত এতিয়াও স্থান দখল কৰি আছে। ২০২৩ চনত সৰ্বাধিক শ্ৰেষ্ঠ ছবি উপহাৰ দিয়া অভিনেতাৰ তালিকাত বেছিভাগেই ৯০ৰ দশকৰ তাৰকাৰ। আহকচোন ইয়াত জানো এইবাৰ বক্স অফিচত কোন কোন অভিনেতাই নিজৰ নাম উজলাইছে। খবৰ অনুসৰি শ্বাহৰুখ খানৰ পাঠানে বিশ্বজুৰি ১০০০ কোটি টকা উপাৰ্জন কৰিছিল।

যোৱা সপ্তাহত মুক্তি পালে ছুপাৰষ্টাৰ ৰজনীকান্তৰ শেহতীয়া ছবি জেইলাৰ। খবৰ অনুসৰি প্ৰথম সপ্তাহতে ৫০০ কোটি টকা সংগ্ৰহ কৰি বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে জেইলাৰ।

হলিউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজে এই বছৰ লৈ আহিছিল মিছন ইম্পচিয়েল ৭। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত বহু উপাৰ্জন কৰিছিল। খবৰ অনুসৰি টম ক্ৰুজৰ ছবিখনে ৮০ কোটি ডলাৰ উপাৰ্জন কৰিছে।

বহু বছৰৰ পাছত গাদাৰ ২ৰ জৰিয়তে পুনৰ উভতি আহিল বলীউডৰ ছুপাৰষ্টাৰ ছানি দেউল। গাদাৰ ২ৰ পৰা উভতি অহা ছানী দেউলে বক্স অফিচত নিজৰ নাম উজলাইছে। খবৰ অনুসৰি, এসপ্তাহৰ ভিতৰত ছানী দেওলৰ গাদাৰ ২ য়ে ২৮০ কোটি টকা সংগ্ৰহ কৰিছে।

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ ছবি অ’এমজি ২ৰ প্ৰথম সপ্তাহৰ উপাৰ্জন লেহেমীয়া হৈছিল। কিন্তু অভিনেতাগৰাকীৰ ছবিখনে দৰ্শক আৰু সমালোচকৰ যথেষ্ট মৰম লাভ কৰিছে। ছবিখনে প্ৰথম সপ্তাহতে ৮০ কোটিৰো অধিক উপাৰ্জন কৰিছে।


Leave A Reply