Breaking

‘এবাৰ নহয় ১০০০ বাৰ ক’ম…’ নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ চলাই ক্ষমা বিচাৰিলে পুনমে…

0 41

নিজৰ মৃত্যুৰ বিষয়ে মিছাকে চলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত পুনম পাণ্ডে। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে নিজৰ মৃত্যুৰ ভুৱা কাহিনী প্ৰচাৰ কৰাত নিজৰ মৌনতা ভংগ কৰিছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি পুনমে কয় যে যদি মই এটা ভাল কামৰ বাবে এই কামটো কৰিব লাগে তেন্তে একে কামেই ১০০০ বাৰ কৰিম। লগতে পুনম পাণ্ডেই ক’লে- ‘ল’ৰাবোৰে কেতিয়াও কাৰোবাক মিছা কথা কোৱা নাই নেকি? যদি মোৰ মিছা কথাৰ পৰা কোনোবা লাভৱান হ’ব তেন্তে মই এনেকুৱা মিছা ১০০০ বাৰ ক’ম।


ইয়াৰ সমান্তৰালকৈ পুনম পাণ্ডেই ক’লে যে ‘তেওঁ কোনো ভুল কৰা নাছিল। মই যি কৰিলোঁ, বহু মহিলাৰ জীৱন ৰক্ষা কৰিলো। মোৰ মিছা কথা এটাই যদি নাৰীৰ জীৱন ৰক্ষা কৰে, তেন্তে মই বাৰে বাৰে কৰিম এই কাম। মৃত্যুৰ ভুৱা খবৰ বিয়পাই দিয়াৰ বাবে অনুৰাগী আৰু বন্ধু-বান্ধৱীৰ ওচৰত ক্ষমাও বিচাৰিছে পুনম পাণ্ডেই। অভিনেত্ৰীগৰাকীয়ে কয়- ‘যদি মই মোৰ বন্ধু-বান্ধৱী আৰু অনুৰাগীক আঘাত দিছো তেন্তে তাৰ বাবে মই ক্ষমা খুজিব বিচাৰো।

আচলতে পুনম পাণ্ডেই শেহতীয়াকৈ তেওঁৰ মৃত্যুৰ ভুৱা খবৰ বিয়পাই দিছিল। অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰামত তেওঁৰ মৃত্যু সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। ইয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই খবৰত সকলোৱ স্তম্ভিত হৈ পৰিছিল। এই খবৰৰ কেইবা ঘণ্টাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ পোষ্ট কৰি কয় যে তেওঁ ছাৰ্ভাইকেল কেন্সাৰ সম্পৰ্কে সজাগতা বিয়পাব বিচাৰে। কিন্তু বহু তাৰকাই ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক ট্ৰলও কৰিছিল।


Leave A Reply