Breaking

কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ

0 16

“উজনিৰ দুজনী গাভৰু” নামৰ অসমীয়া চলচিত্ৰখনত দুই যমজ ভগ্নী জোনালী আৰু তৰালীক সকলোৱে দেখা পাইছে৷আজি আমি ক’ম জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ দুই যমজ ভগ্নী গুনগুন আৰু ৰুনজুনৰ কথা৷গুনগুন অৰ্থাৎ আকাংক্ষা হাজৰিকা আৰু ৰুনজুন অৰ্থাৎ আস্মিতা হাজৰিকা দুয়োগৰাকী যমজ ভগ্নী কেৱল দেখাতেই একে নহয় তেওলোকৰ কাম কাজ সমুহো একে৷নৃত্য,খেলা-ধূলা আদিতো পাৰ্গত দুই যমজ ভগ্নী অধ্যয়নৰ দিশটোতো সমপৰ্যায়ৰ৷একেলগে একেখন টেবুলতে অধ্যয়ন কৰা দুয়ো যমজ ভগ্নী সমানে সমানেই আগুৱাইছে বিদ্যায়তনিক দিশতো৷যিটো সচৰাচৰ নোহোৱা এক ব্যতিক্ৰমী দিশ হিচাপে বিবেচিত হৈছে৷সৰুৰেপৰা বিদ্যালয়তেই নহয়

শেহতীয়াকৈ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যমজ ভগ্নী দুয়োগৰাকীয়ে সমানে সমানে ৭২ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও দুয়োগৰাকীয়েই একেলগে সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ প্ৰণৱ হাজৰিকা আৰু মাতৃ পম্পী হাজৰিকাৰ দুই যমজ কন্যা ভৱিষ্যতে আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি একো একো গৰাকী অধিবক্তা হোৱাৰো মন বান্ধি লৈছে৷ যমজ ভগ্নী হৈ ৰূপৰ সামঞ্জস্যৰ উপৰিও অন্যান্য দিশৰ লগতে অধ্যয়নৰ দিশটোতো যমজ দুই ভগ্নীৰ এনে সামঞ্জস্যৰ পাৰদৰ্শিতাই এক বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ জামুগুৰিহাটতে ৷

Leave A Reply