Breaking

পৰিয়ালৰ সৈতে নহয়! ঐশ্বৰ্য-অভিষেক-আৰাধ্যাই বন্ধু-বান্ধৱীৰ সৈতে উদযাপন কৰিলে হোলী…

0 22

ঐশ্বৰ্য ৰায় বচ্চন, অভিষেক বচ্চন আৰু তেওঁলোকৰ কন্যা আৰাধ্যাই হোলী বন্ধৰ দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰে। শ্বেতা বচ্চন নন্দ আৰু নব্য নাভেলী নন্দৰ সৈতে অমিতাভ বচ্চন আৰু জয়াৰ সৈতে হোলী খেলাৰ পিছত ঐশ্বৰ্য, অভিষেক আৰু আৰাধ্যাই সন্ধিয়ালৈকে হোলী পালন কৰে। এই সময়ছোৱাত তেওঁলোকে বহুত হোলী খেলিছিল আৰু নাচিছিল। ঐশ্বৰ্য, অভিষেক আৰু আৰাধ্যাৰ হোলী উদযাপনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঐশ্বৰ্য, অভিষেক আৰু আৰাধ্যাই হোলী উদযাপনৰ সময়ত বগা সাজ-পোছাক পৰিধান কৰিছিল। ঐশ্বৰ্য ৰায়ক মেকআপ নকৰাকৈ বৰ ধুনীয়া দেখা গৈছিল।


হোলীৰ এই ভাইৰেল ছবিবোৰত ঐশ্বৰ্য ৰায় বচ্চনক অতি সুখী যেন লাগিছে। আৰাধ্যাকো এই ছবিবোৰত বৰ মৰমলগা দেখা গৈছে। দম্পতীৰ এই হোলী উদযাপনৰ প্ৰতি অনুৰাগী সকলে অতি আকৰ্ষিত হোৱাৰ লগতে তেওঁলোকৰ ছবিৰ ওপৰতো মন্তব্য আগবঢ়াইছে। বচ্চন পৰিয়ালৰ হোলী উদযাপনৰ ছবিসমূহ নব্য নভেলী নন্দই শ্বেয়াৰ কৰিছিল।

Leave A Reply