Breaking

বন্ধৰ দিনত ৰাহা বা ৰণবীৰ কাপুৰৰ লগত নহয়, গোটেই দিনটো কেৱল এইবোৰ কামত ব্য়স্ত আলিয়া ভাট…

0 48

ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ আলিয়া ভাটৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত আলিয়াই কয় যে কেনেকৈ বন্ধৰ দিনটোত সময় কটায়। আলিয়াৰ এই ভিডিঅ’টোত চেলিব্ৰিটিসকলে বহুত কমেণ্ট কৰিছে। ছ’চিয়েল মিডিয়াত চুইমিং পুলত সাঁতুৰি থকা ভিডিঅ’ শ্বেয়াৰ কৰিছে আলিয়া ভাটে। এই ভিডিঅ’টোত আলিয়াক পুলত জিৰণি লৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি আলিয়াই লিখিছে, ‘বন্ধ দিনৰ কাৰ্যসূচী’।

শেহতীয়াকৈ আলিয়া ভাটক ৰণবীৰ সিঙৰ সৈতে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিত দেখা গৈছিল। এই ছবিখনে বিশ্বজুৰি ৩০০ কোটি টকা সংগ্ৰহ কৰিছিল। এই দুগৰাকীৰ উপৰিও এই ছবিখনত শ্বাবানা আজমী আৰু জয়া বচ্চনও আছিল। এই ছবিখন পৰিচালনা কৰিছিল কৰণ জোহৰে। বিশেষ কথাটো হ’ল এই ছবিখনৰ জৰিয়তে ৭ বছৰৰ পাছত পৰিচালক হিচাপে ঘূৰি আহিছে কৰণ জোহৰ। ২৮ জুলাইত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল।


Leave A Reply