Breaking

নৱ সূৰ্য যুৱক সংঘৰ উল্লেখনীয় পদক্ষেপ

0 1,223

এফালে ক’ৰোনাকালীন সমস্যা আৰু আন্ফালে সামূহিকভাৱে আজি এশৰো অধিক ৰোৱনীয়ে ৰং-ৰহইচৰ মাজেৰে ভূঁই ৰুই গহপুৰত এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। গহপুৰৰ উত্তৰ ডুবিয়া নৱ সূৰ্য যুৱক সংঘৰ উদ্যোগত প্ৰখৰ ৰ’দকো আওকাণ কৰি যুৱক-যুৱতীৰ লগতে ভালেসংখ্যক বয়োজ্যেষ্ঠ ব্যক্তি, মহিলাই পথাৰৰ কৃষিকৰ্মত এইদৰে মনোনিৱেশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  পৰম্পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টাত যুৱক সংঘৰ সদস্য-সদস্যাসকলে যোৱা তিনিটা বৰ্ষ ধৰি স্থানীয় লোকৰ কৃষি পথাৰ আধিত লৈ পৰিয়ালসমূহক সকাহ দিয়াৰ লগতে সংঘও আৰ্থিকভাৱে সবল হৈ পৰিছে। এইবেলি বৃহত্তৰ অঞ্চলটোৰ সাত-আঠটি পৰিয়ালৰ মুঠ ৪২ বিঘা মাটি যুৱক সংঘই আধিত লৈ সামূহিক কৃষি-কৰ্মত নামি পৰিছে গহপুৰ মহকুমাৰ উত্তৰ ডুবিয়াৰ এই নৱ সূৰ্য যুৱক সংঘ। উত্তৰ ডুবিয়াৰ বৃহত্তৰ অঞ্চল সামৰি সংগঠিত হোৱা যুৱক-যুৱতীসকলৰ প্ৰচেষ্টাক সহাৰি জনাই অঞ্চলটোৰ মহিলা সকলেও পথাৰত ভূঁই ৰুই অন্যবাৰৰ দৰে এইবাৰো সহায় আগবঢ়াই আহিছে। নিজৰ কৃষিকৰ্মৰ মাজতে যুৱক সংঘক সহায় কৰিবলৈ প্ৰখৰ ৰ’দকো নেওচি আজি একেলগে প্ৰায় ১০-১২ বিঘা মাটিত এশৰো অধিক ৰোৱনীয়ে ৰং-ৰহইচেৰে ভূঁই ৰুই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে নৱ সূৰ্য যুৱক সংঘই মাজে সময়ে অঞ্চলটোত কেতবোৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালকো বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াই অহা সংঘটোৰ নিজা কাৰ্যালয় নথকাৰ লগতে চৰকাৰী সুবিধাও লাভ নকৰাত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে নৱ সূৰ্য যুৱক সংঘৰ নামত অনতিপলমে কৃষি সঁজুলি প্ৰদান কৰাৰ লগতে বিভাগীয় মহল আৰু স্থানীয় বিধায়ক উৎপল বৰাক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply