Breaking

বিশিষ্ট ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ দেহাৱসান

0 2,234

চৰাইদেউ জিলাৰ  সাপেখাতীৰ বাসিন্দা অৱসৰ প্ৰাপ্ত শিক্ষক তথা  ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ নিশা বাৰ্ধক্য জনীত কাৰণত   পৰলোকগামী হোৱাত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । ১৯৬২ চনৰে পৰা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰা ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোৱাল চন্দ্ৰ চাংমাইয়ে  ১৯৬৩ চনৰ পৰাই অবিভক্ত শিৱসাগৰ জিলা আৰু বৰ্তমান চৰাইদেউ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছিল ।১৯৬৩ চনতে সাপেখাতী ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰি বৰহাট,বগাদাত ,টিংখং আদি অঞ্চলত ফুটবল, কাবাডী ,খো-খো , এথেলেটিকচ্ আদিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিছিল । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত হোৱাৰ লগতে প্ৰায় ৬২ বছৰ ক্ৰীড়া জগতৰ লগত জড়িত হৈ  আছিল । অসম চৰকাৰৰ ২০২০ -২১বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া পেঞ্চনৰ স্বকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ মৃত্যুত সাপেখাতী অঞ্চলৰ বিভিন্ন  দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

Leave A Reply