Breaking

ধুবুৰী জিলাৰ গৌৰীপুৰৰ কুখ্যাত গো-মাফিয়া জেলাৰ আলীক গ্ৰেপ্তাৰ

0 153

গৌৰীপুৰ আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া জেলাল আলী। বিভিন্ন অভিযোগত অভিযুক্ত জেলাল আলী বেপাৰীয়ে ২০২০ চনৰ পৰাই আত্মগোপন কৰি আছিল।

আৰম্ভণিত সোণৰ ব্যৱসায়ী আছিল এইজন জেলাল বেপাৰী। বাংলাদেশৰ পৰা সোণ আনি কলিকতাত বিক্ৰী কৰিছিল চোৰাং সোণ।


তথ্য অনুসৰি যি সময়ৰ পৰা ধুবুৰী বাংলাদেশ সীমান্তই দি গৰু চালান আৰম্ভ হয় সেই সময়ৰ পৰাই লাগি পৰে গৰুৰ অবৈধ সৰবৰাহ কাৰ্যত৷ বিহাৰ, ইউ পি, হাৰিয়ানা আদি ঠাইৰ পৰা আব্দুল মজিদ,আব্দুল জববাৰ, আৰু পৰৱৰ্তী সময়ত চণ্ডী আৰু আদমৰ সহায়ত চলাই যায় গৰুৰ ৰোমৰমীয়া ব্যৱসায়। গৰুৰ অবৈধ ব্যৱসায়েৰে অতি কম দিনৰ ভিতৰতেই কোটি পতি হৈ পৰে জেলাল আলী বেপাৰী। গৰুৰ লগতে বিভিন্ন অসামাজিক কার্যকলাপত লিপ্ত হৈ পৰিছিল এইজন গো মাফিয়া। অপৰাধৰ তালিকা দিনে দিনে বৃদ্ধি পাই উঠিছিল এইজন গো মাফিয়াৰ।


দীৰ্ঘদিন ধৰি বহি: ৰাজ্যৰ পৰা গৰু আনি বাংলাদেশ লৈ সৰ্বৰাহ কৰি থকাৰ লগতে আন বহুতো অবৈধ কাৰ্যকলাপৰ অভিযোগ আছে জেলাল আলী বেপাৰীৰ বিৰুদ্ধে।

বৰ্তমানেও বাংলাদেশ আৰু পশ্চিম বংগৰ পৰা গোপনে চলাই আছিল গো সৰ্বৰাহকাৰীৰ ৰমৰমিয়া বেহা।
গৌৰীপুৰ আৰক্ষীৰ মাৰাথন জেৰাত জেলালে ইতিমধ্যে কৰিছে বহু শিকাৰোক্তি।গৌৰীপুৰ আৰক্ষীৰ এয়া বৃহৎ সাফল্য।বাংলাদেশৰ বহু আৰক্ষীৰ জেৰাত বহু ন ন তথ্য আহিব পাৰে সন্মুখত, আৰু বহু কেইজন সংগীও হব পাৰে গ্ৰেপ্তাৰ। গৌৰীপুৰ চিকিৎসালয়ত শাৰীৰিক পৰীক্ষা কৰি ধুবুৰী জেল হাজতলৈ প্ৰেৰন কৰে জেলাল বেপাৰীক।

ইপিনে জেলাল আলীৰ গ্ৰেপ্তাৰৰ পিছে পিছে জেলাল আলীৰ কোটি কোটি টকাৰ সা সম্পত্তিও হব পাৰে বাজেয়াপ্ত। অৱশ্যে জেলাল আলী আৰক্ষীৰ কবলত পৰিছে যদিও বৰ্তমানেও পশ্চিমবঙ্গত আত্মগোপন কৰি থকাৰ সন্দেহ কুখ্যাত চণ্ডী ওৰফে ছাৰফেৰাজ।

– জামানুৰ ৰহমান, গৌৰীপুৰ

Leave A Reply