Breaking

ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ “নামফাকে সাহিত্য সন্মান-২০২৩”। ২ফেব্ৰুৱাৰীত প্ৰশান্তি বন্ধনৰ কাৰ্যসূচীত আগবঢ়োৱা হ’ব এই সন্মান

0 86

ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ “নামফাকে সাহিত্য সন্মান-২০২৩”।২ফেব্ৰুৱাৰীত প্ৰশান্তি বন্ধনৰ কাৰ্যসূচীত আগবঢ়োৱা হ’ব এই সন্মান।ঐতিহাসিক নামফাকে বৌদ্ধবিহাৰত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিহাৰাধ্যক্ষ মৎ জ্ঞানপাল মহাথেৰ’ৰ জন্মদিনৰ কাৰ্যসূচী “প্ৰশান্তি বন্ধন”ত এইবাৰ বলিষ্ঠ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ আগবঢ়োৱা হ’ব “নামফাকে সাহিত্য সন্মান ” ৷ উল্লেখ্যে যে বিগত ১২ বছৰ ধৰি আয়োজিত হৈ অহা প্ৰশান্তি বন্ধনৰ মঞ্চত প্ৰতিবছৰে সাহিত্য ,পৰ্যটন, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা সকলক সন্মান/ বঁটা আদিৰে স্বীকৃতি জনাই অহা হৈছে।

সাহিত্যত প্ৰান্তীয় মানুহৰ দুখ-যাতনা আৰু সংগ্ৰামক বলিষ্ঠৰূপত প্ৰকাশ কৰা আৰু জাতীয় তথা মানৱিক সংকটত সততে সৰৱ হৈ থকা লেখিকাগৰাকীৰ অতুলনীয় সাহিত্যকৰ্মৰ বাবেই এইবাৰ আয়োজক মণ্ডলীয়ে জুৰী বৰা বৰগোহাঞিক সন্মান যঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিতব্য অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু সংগীত শিল্পী অনুপম শইকীয়াকো বিশেষভাৱে সম্বৰ্ধনা যঁচা হ’ব ৷ গীত-কবিতাৰে মুখৰিত হ’বলগীয়া প্ৰশান্তি বন্ধনত অংশ ল’বলৈ সাহিত্য সংস্কৃতিপ্ৰেমী প্ৰতিজনলোককে আয়োজক সমিতিয়ে আহ্বান জনাইছে।

Leave A Reply