Breaking

নিচাযাতীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত অপৰাধীয়ে লৈছে এতিয়া ন ন কৌশল; এইবাৰ বাইকৰ হেলমেটৰ ভিতৰত কঢ়িয়াই আনিছিল নিচাযাতীয় টেবলেট

0 93

এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে চাপৰত চলায় এক অভিযান।

অভিযানত জব্দ নিষিদ্ধ কফচিৰাপৰ লগতে নিচাযাতীয় টেবলেট।

উল্লেখ্য যে চাপৰ চিনেমাহ’লত বাইকেৰে যোগান ধৰিবলৈ আহিছিল নিষিদ্ধ কফচিৰাপ আৰু নিচাযাতীয় টেবলেটখিনি।

যোগান ধৰিবলৈ আহি হাতে লোটে গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

যুবকজনৰ পৰা ১৪৪ টা নিচাযাতীয় টেবলেটৰ লগতে কফ চিৰাপ জব্দ কৰে আৰক্ষীয়ে।

যুবকজন বহলপুৰ কাচাৰিভিটা গাঁৱৰ হামিদুৰ ৰহমান বুলি জানিব পৰা গৈছে।

লগতে AS-19-M-9499 নম্বৰৰ এখন স্পেলেন্ডাৰ বাইকো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

Leave A Reply