Breaking

জাগুনত এন এছ চি এন(আই এম)ৰ সদস্য আটক

0 2,024

জাগুনত মঙ্গল বাৰে সেনাবাহিনীৰ দ্বাৰা আটক কৰা হয় এজন এন, এছ, চি, এন(আই, এম)ৰ দুৰ্ধৰ্ষ কেডাৰ। জাগুনস্থিত সেনাছাউনিৰ এটা দলে অভিযান চলাই আটক কৰে কেডাৰ জনক। মঙ্গল বাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ পৰা এন, এছ, চি, এন, ৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয় সেনাবাহিনীৰ দলটোৱে।আটকাধিন সদস্য জনৰ নাম মনোৰঞ্জন পাইট(২৮)বুলি জানিব পৰা গৈছে। জাগুন ২নং কাংকান গাঁৱৰ স্বৰ্গীয় তানুৰাম পাইট, ৰ পুত্ৰ বুলি জানিব পৰা গৈছে আটকাধিন কেডাৰ জন। কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে আমেৰিকাত নিৰ্মিত এটা ৭.৬৫ এম,এম পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী,২৫০গ্ৰাম বিস্ফোৰক , এটা চেফটি ফিউজ আৰু এটা ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানে কেডাৰ জনক সেনাবাহিনীয়ে লেখাপানী আৰক্ষীক চমজাই দিছে। লেখাপানী আৰক্ষীয়ে আটকাধিন কেডাৰ জনক প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply