Breaking

দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬

0 1,024

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ মূৰকত ঘাতক ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা এক লাখলৈ নামিল৷ ইয়াকে লৈ দেশজুৰি আক্রান্তৰ সংখ্যা ২,৮৯,০৯,৯৭৫লৈ বৃদ্ধি পাইছে৷

আনপিনে, বিগত কুৰি দিনতকৈ অধিক দিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা বেছি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি সুস্থ হৈ উঠিছে ১,৭৪,৩৯৯জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ২,৭১,৫৯,১৮০জনলৈ বৃদ্ধি পাইছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখৰ তলত৷ অর্থাৎ চিকিৎসাধীন হৈ আছে ১৪,০১,৬০৯জন৷ আনহাতে, মৃতকৰ সংখ্যাও দিনে দিনে হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ২,৪২৭জনৰ৷ ইয়াকে লৈ দেশজুৰি মৃতকৰ সংখ্যা ৩,৪৯,১৮৬জনলৈ বৃদ্ধি পাইছে৷ স্মর্তব্য যে ক’ভিড–১৯ আৰম্ভ হোৱাৰে পৰা দ্বিতীয় জোৱাৰলৈকে দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ২৩৩জনৰ মৃত্যু ঘটাত ৰাজ্যখনত মৃতকৰ সংখ্যা এক লাখ অতিক্রম কৰিলে৷ মৃতকৰ সংখ্যা ১,০০,১৩০ৰে মহাৰাষ্ট্রই দেশৰ ভিতৰতেই শীর্ষস্থানত থকাই নহয়, ফ্রান্সকো অতিক্রম কৰিলে৷

আনপিনে, আক্রান্তৰ সংখ্যাৰেও ফ্রান্সক অতিক্রম কৰিলে মহাৰাষ্ট্রই৷ ৰাজ্যখনত এতিয়ালৈকে আক্রান্ত হৈছে ৫৮,৩১,৭৮জন৷ ইয়াৰ বিপৰীতে ফ্রান্সত আক্রান্ত ৫৭,০৭,৬৮৩জন৷ মন কৰিবলগীয়া যে দেশজুৰি ক’ভিড–১৯ টিকাকৰণ দ্রুতগতিত চলাই থকা হৈছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি আজি পুৱালৈকে দেশজুৰি ক’ভিড ভেকচিন প্রদান কৰা হৈছে ২৩,২৭,৮৬,৪৮২জনক৷

Leave A Reply