Breaking

২ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই : বিশ্বত ক’ৰোনা আক্রান্তৰ তালিকাত ষষ্ঠ স্থানলৈ দৌৰত ভাৰত ।

0 53

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

বিশেষজ্ঞসকলে ভাবিছিল যে গৰম পৰিলে ক’ৰোনা ভাইৰাছৰ শক্তি কমিব৷ বহুৱে ভাবিছিল সময়ৰ লগে লগে ক’ৰোনা কমিব আৰু দুৰ্বল হৈ পৰিব ভাইৰাছ৷ কিন্তু  এই কথা মিছাত পৰিণত হৈছে৷ শক্তি কমাৰ কোনো লক্ষণ নাই৷ হাজাৰ হাজাৰ মানুহৰ শৰীৰত এই ভাইৰাছে আশ্ৰয় লৈছে৷ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে৷ উল্লেখ্য যে মঙলবাৰৰ দিনা ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় দুই লাখ পালেগৈ৷ প্ৰাপ্ত তথ্য মতে দেশত ২ লাখ ৭ হাজাৰ ৬১৫ জন হয়গৈ ক’ৰনাত আক্ৰান্তৰ সংখ্যা৷ ইয়াৰে ভিতৰত আৰোগ্যৰ সংখ্যা হ’ল ১ লাখ ৩০৩  জন৷ আনহাতে ক’ৰনাত মৃত্যু হৈছে ৫৮২৯ জন লোক৷ দেশত ক’ৰনা সংক্ৰমণৰ গতি উর্দ্ধমুখী৷ আনহাতে চিকিৎসাত এণ্টিভাইৰেল ৰেমডেছিভিৰ প্ৰয়োগৰ সবিশেষ দিলে ভাৰতৰ সর্বোচ্চ ঔষধ নিয়ন্ত্রক সংস্থাই৷ ক’ভিডৰ উপসর্গ আছে যদি এনে ব্যক্তিৰ শৰীৰত এই ঔষধ প্ৰয়োগ কৰা যাব৷ শিশুৰ শৰীৰতো ইয়াক প্ৰয়োগ কৰা যাব৷  ইপিনে বিশ্বৰ আন কেইবাখনো দেশৰ লগতে ভাৰততো আনলক-১.০ আৰম্ভ হৈছে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ক’ৰনা ভাইৰাছৰ শক্তি ক্ষয়ৰ কোনো প্ৰমাণ পোৱা নাই৷ ইটালী চিকিৎসকৰ দাবী তেওঁলোকৰে নস্যাৎ কৰিছে৷ 

Leave A Reply